Hearing:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি

কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব শুনানি,ভার্চুৱেলী আদালতত উপস্থিত থাকিব ৭ অভিযুক্ত

WhatsApp Image 2026 01 17 at 11.06.20 AM

Hearing:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ আজি হ’ব শুনানি ৷ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হ’ব শুনানি ৷ ভার্চুৱেলী আদালতত উপস্থিত থাকিব ৭ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী,অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ আৰু দুই পিএছঅ ‘নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য ৷

উল্লেখ্য যে আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰি অভিযুক্ত অমৃতপ্রভা মহন্ত, সন্দীপন গাৰ্গ ,নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰো হ’ব শুনানি ৷

আনহাতে সাত অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম কৰিব জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷ আদালতত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত গঠাত পাঁচজনীয়া চৰকাৰী অধিবক্তাৰ দলে অভিযুক্তৰ বিৰুদ্ধে উকালতি কৰিব।

Exit mobile version