Next Hearing 22 January:
জুবিন গাৰ্গ হত্যা গোচৰৰ শনিবাৰে আছিল শুনানি। কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত অনুষ্ঠিত শুনানিত উপস্থিত থাকে গৰিমা শইকীয়া গাৰ্গ,ড:পামি বৰঠাকুৰ। কিন্তু আজি চার্জফ্রেম নহ’ল সাত অভিযুক্তৰ। চৰকাৰী অধিবক্তাই আদালতত কিছু সময় বিচৰাৰ বাবে আদালতে পৰৱৰ্তী দিন ধাৰ্য কৰে ২২ জানুৱাৰীত।
উল্লেখ্য যে আদালতত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত গঠিত পাঁচজনীয়া অধিবক্তাৰ দলে জুবিন গাৰ্গৰ হৈ যুক্তি প্ৰদৰ্শন কৰে ৷ আনহাতে জুবিন গাৰ্গৰ পৰিয়ালে ব্যক্তিগতভাৱে নিয়োজিত কৰা প্ৰদীপ্ত তালুকদাৰে যুক্তি প্ৰদৰ্শন কৰে আদালতত ৷
