Seven Accused:জুবিন গাৰ্গ হত্যা গোচৰৰ সাত অভিযুক্তই নিয়োগ কৰিলে নিজা অধিবক্তা

WhatsApp Image 2026 01 17 at 2.27.33 PM 1

Seven Accused:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যা গোচৰৰ সাত অভিযুক্ত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে কাৰাগাৰত। সদৌ অসম উকিল সন্থাই সাত অভিযুক্তৰ হৈ উকালতি নকৰিবলৈ অধিবক্তা সমাজলৈ আহ্বান জনোৱাৰ বাবে অধিবক্তা বিচাৰি হাবাথুৰি খাইছিল অভিযুক্তৰ পৰিয়াল । আনকি চিজেএম আদালতত গোচৰৰ শুনানি কালত নাছিল সাত অভিযুক্তৰ নাছিল কোনো উকিল।

বিএনএছৰ ১০৩ ধাৰা সাত অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ পিছত গোচৰ স্থানান্তৰিত হয় কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতলৈ ৷ বিগত দুটা শুনানিত সাত অভিযুক্তৰ অধিবক্তা নিয়োজিত নাছিল যদিও অৱশেষত আদালতৰ নিৰ্দেশ অনুসৰি সকলোৱে লাভ কৰিলে অধিবক্তা ৷ নিজাববীয়াকৈ সাত অভিযুক্তৰ পৰিয়ালবৰ্গই নিয়োজিত কৰে অধিবক্তা । আনকি তৃতীয় আৰু আজিৰ শুনানিত জামিনৰ বাবে তেওঁলোকৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে তেওঁলোকৰ নিজা অধিবক্তাই ৷

প্ৰাপ্ত খবৰ অনুসৰি জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ হৈ আদালতত ওকালতি কৰিব কলকাতাৰ অধিবক্তা চানি মুখার্জী আৰু ৰাজদ্বীপ বেনাৰ্জীয়ে ৷ সিদ্ধার্থ শৰ্মাৰ হৈ উকালতি কৰিব কলকাতাৰে অনিল মিশ্র, মোহিত মিগলানী, অংকিত ধাবন আৰু সত্যম শিভাছে ৷

আনহাতে শেখৰজ্যোতি গোস্বামীৰ হৈ উকালতি কৰিব অধিবক্তা সাধন কলিতাই ৷ আন এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিব অধিবক্তা আনন্দ কুমাৰ ভূঞা আৰু গেব্রিয়েল চাহুৱে ৷

উল্লেখ্য যে জুবিন গাৰ্গৰ দুই পিএছঅ’ সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ নিজাববীয়া কোনো অধিবক্তা নথকা বাবে তেওঁলোকৰ হৈ উকালতি কৰিব কামৰূপ মেট্ৰ’ জিলা আইন সেৱা প্ৰাধিকৰণে নিয়োগ কৰা তিনিগৰাকী অধিবক্তাই ৷

Exit mobile version