বৃহত আক্ৰমণৰ আশংকা! পঞ্জাৱ সীমান্তত একে-৪৭সহ বিপুল অস্ত্ৰ উদ্ধাৰ

IMG 20260118 102647

পঞ্জাৱৰ ভাৰত–পাকিস্তান সীমান্ত সংলগ্ন এলেকাত বৃহৎ পৰিমাণৰ অস্ত্ৰ আৰু কাৰ্তুজ উদ্ধাৰ কৰিছে পঠানকোট আৰক্ষীয়ে। চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, সীমান্তৰ সমীপৰ নৰোত জয়মল সিং অঞ্চলৰ মাজেৰে অবৈধ অস্ত্ৰ সৰবৰাহ চলি আছিল।

সেই তথ্য লাভ কৰাৰ লগে লগে সীমান্ত অঞ্চলত চোৰাংচোৱাগিৰি আৰম্ভ কৰা হয়। সমান্তৰালভাৱে অস্ত্ৰ-শস্ত্ৰৰ সন্ধানো আৰম্ভ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি সেই অভিযানৰ সময়তে উদ্ধাৰ হৈছিল অস্ত্ৰ-শস্ত্ৰ।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে, ৰাজ্যত ডাঙৰ আক্ৰমণৰ ষড়যন্ত্ৰ চলি আছে আৰু সেই উদ্দেশ্যেই এই অস্ত্ৰসমূহ সৰবৰাহ কৰা হৈছিল।

ব’ৰ্ডাৰ ৰেঞ্জৰ ডিআইজি সন্দীপ গয়ালে জনাইছে, পাকিস্তানৰ গেংষ্টাৰ ৰিণ্ডাৰ জৰিয়তে এই অস্ত্ৰসমূহ ভাৰতলৈ পঠোৱা হৈছিল। অভিযোগ অনুসৰি ,এই গেংষ্টাৰজনে পাক গুপ্তচৰ সংস্থা আইএছআইৰ হৈ কাম কৰি আহিছে।

উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে একে-৪৭ ৰাইফল, মেগাজিন, চীন আৰু তুৰ্কীৰ তৈয়াৰী পিষ্টল আৰু বৃহৎ পৰিমাণৰ সতেজ কাৰ্তুজ।এই অস্ত্ৰ উদ্ধাৰৰ পাছত তল্লাশি অভিযান আৰু বেছি তীব্ৰ কৰা হৈছে।

এই অস্ত্ৰসমূহ ক’ত পঠাবলৈ আছিল আৰু এই চক্ৰৰ স’তে কোন কোন ব্যক্তি জড়িত, সেই সকলোৰে সন্ধানত আৰক্ষীয়ে অনুসন্ধান চলাই আছে।

ইফালে, শনিবাৰে নিশা জম্মু–কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ ওচৰত পুনৰ পাকিস্তানী ড্ৰ’ন উৰি থকা দেখা যায়। লগে লগে নিৰাপত্তা বাহিনীয়ে এন্টি-ড্ৰ’ন ব্যৱস্থা সক্ৰিয় কৰে, তাৰ পাছতেই ড্ৰ’নটো পাকিস্তানৰ দিশে উভতি যায়। সেনা সূত্ৰই জনাইছে, যোৱা এক সপ্তাহত এই ধৰণৰ ঘটনা চাৰিবাৰ সংঘটিত হৈছে।

Exit mobile version