১০ হেজাৰ নৃত্যশিল্পীৰ বাগৰুম্বাই গঢ়িলে বিশ্ব অভিলেখ

অসম চৰকাৰৰ পদক্ষেপক আদৰ নিখিল বাথৌ মহাসভাৰ

FB IMG 1768716728486

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু বিভিন্ন বড়ো সংগঠনৰ সহযোগত শনিবাৰে বড়ো জনগোষ্ঠীৰ ঐতিহ্যবাহী লোকনৃত্য বাগৰুম্বা প্ৰদৰ্শন কৰি বিশ্ব অভিলেখ গঢ়ে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ হেজাৰ বড়ো নৃত্যশিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে।

এই ঐতিহাসিক সাংস্কৃতিক পদক্ষেপক আদৰ জনাইছে নিখিল বাথৌ মহাসভাই। এক প্ৰেছ বিবৃতিত সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন বিধায়ক পৰমেশ্বৰ ব্ৰহ্মই কয় যে বড়ো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি অতি সমৃদ্ধ আৰু ঐতিহ্যবাহী। এনে বৃহৎ উদ্যোগে বড়ো সংস্কৃতিৰ ৰাষ্ট্ৰীয় পৰিচয় দৃঢ় কৰিব।

তেওঁ লগতে কয় যে দীৰ্ঘদিন ধৰি পৃষ্ঠপোষকতাৰ অভাৱত বহু লোকসংস্কৃতি উপযুক্ত বিকাশ লাভ কৰিব পৰা নাছিল। এই বাগৰুম্বা নৃত্য প্ৰদৰ্শনে বড়ো সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

এই মহান পদক্ষেপৰ বাবে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে নিখিল বাথৌ মহাসভাই বড়ো জনগোষ্ঠীৰ খেৰাই নৃত্যৰো সংৰক্ষণ আৰু বিকাশৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Exit mobile version