উত্তৰপ্ৰদেশতো হ্ৰাস পালে মহিলা ভোটাৰ!

এছআইআৰৰ পাছত খচৰা তালিকাৰ পৰা বাদ ২.৮৯ কোটি ভোটাৰ

IMG 20260119 103104

SIR:✒️বিহাৰৰ পাছতে উত্তৰপ্ৰদেশতো বিশেষ নিবিড় সংশোধনী (SIR)-ৰ প্ৰভাৱ স্পষ্ট। খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছতে যোগীৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে।

নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, বাদ পৰা দুই কোটি ৮৯ লাখ ভোটাৰৰ ভিতৰত এক কোটি ৫৪ লাখেই মহিলা ভোটাৰ।

ইয়াৰ ফলত ৰাজ্যখনত মহিলা-পুৰুষ ভোটাৰৰ অনুপাত নামি আহি ৮২৪:১০০০ হৈছে। অৰ্থাৎ, প্ৰতি ১০০০ জন পুৰুষ ভোটাৰৰ বিপৰীতে আছে ৮২৪ গৰাকী মহিলা ভোটাৰ। খচৰা তালিকাত থকা ১২ কোটি ৫৫ লাখ ভোটাৰৰ ভিতৰত ৫.৬৭ কোটি মহিলা আৰু ৬.৮৮ কোটি পুৰুষ ভোটাৰ আছে বুলি জানিবলৈ দিছে মুখ্য নিৰ্বাচনী আধিকাৰী ৰভনীত ৰিনোৱাৰয়ে।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, বহু ক্ষেত্ৰত বিবাহৰ পাছত মহিলা ভোটাৰৰ নাম নতুন ঠাইত অন্তৰ্ভুক্ত হ’লেও পুৰণি ঠিকনাৰ পৰা নাম কটা হোৱা নাছিল, ফলত দুটা স্থানতে নাম থাকি গৈছিল। তদুপৰি, মৃত ভোটাৰৰ নামো তালিকাত আছিল।

খচৰা তালিকা অনুসৰি উত্তৰপ্ৰদেশত বৈধ ভোটাৰৰ সংখ্যা হৈছে ১২ কোটি ৫৫ লাখ। ইয়াৰ ভিতৰত ২.১৭ কোটি স্থানান্তৰিত ভোটাৰ, ৪৬.২৩ লাখ মৃত ভোটাৰ আৰু ২৫.১৭ লাখ একাধিক ঠাইত নাম থকা ভোটাৰ তালিকাৰ পৰা বাদ দিয়া ভোটাৰ।

নিৰ্বাচন আয়োগে জানিবলৈ দিছে যে ,২১ জানুৱাৰীৰ পৰা উত্তৰপ্ৰদেশত এসআইআৰৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই সন্দৰ্ভত তিনি কোটি ২৬ লাখ ভোটাৰলৈ নোটিছ প্ৰেৰণ কৰা হ’ব আৰু ৩,৭৯৩টা কেন্দ্ৰত শুনানি শিবিৰ অনুষ্ঠিত কৰা হ’ব। সকলো প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত ছয় মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

Exit mobile version