চাকৰিৰ প্ৰলোভনেৰে বিদেশলৈ সৰবৰাহ, তদন্তত পোহৰলৈ আহিল পাকিস্তানি সংযোগ

IMG 20260119 150622

Pakistan:✒️বহিঃৰাজ্যত ভুৱা চাকৰিৰ প্ৰস্তাৱ দি মানৱ সৰবৰাহৰ তদন্তত এতিয়া জড়িত হৈছে পাকিস্তানী সংযোগ।। অভিযোগ অনুসৰি, চাকৰিৰ প্ৰলোভন দেখুৱাই বহু ভাৰতীয়ক কম্বোডিয়ালৈ লৈ গৈ বন্দি কৰি চাইবাৰ অপৰাধমূলক কামত জোৰকৈ নিযুক্ত কৰা হৈছিল।

এই চক্ৰৰ তদন্ততেই এতিয়া পাকিস্তানি এজেন্টৰ জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

২০২৪ চনত প্ৰথমবাৰৰ বাবে এই ভুৱা চাকৰিৰ প্ৰলোভনেৰে মানৱ সৰবৰাহ চক্ৰৰ ঘটনা প্ৰকাশলৈ আহিছিল। প্ৰায় পাঁচ হেজাৰ ভাৰতীয়ক চাকৰিৰ প্ৰতিশ্ৰুতি দি কম্বোডিয়ালৈ লৈ যোৱা হৈছিল।

পাছত তেওঁলোকক বন্দি কৰি অনলাইন প্ৰৱঞ্চনা আৰু চাইবাৰ অপৰাধত জোৰকৈ জড়িত কৰা হয়। উদ্ধাৰ অভিযানৰ জৰিয়তে বহু ভাৰতীয়ক পিছলৈ ঘূৰাই অনা হৈছিল।

তথ্য অনুসৰি ,দেশলৈ উভতি অহা কেবাজনো পীড়িত ব্যক্তিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক জনাইছে যে তেওঁলোকক পাকিস্তানি এজেন্টৰ জৰিয়তে নিয়োগ কৰা হৈছিল।

তদন্তকাৰী সংস্থাৰ সূত্ৰই জনাইছে, চেট, ফোনকলৰ আইপি এড্ৰেছ আৰু আন ডিজিটেল তথ্যৰ ফৰেন্সিক বিশ্লেষণতো পাকিস্তানৰ ছাৰ্ভাৰ আৰু হেণ্ডলাৰৰ স’তে সংযোগৰ প্ৰমাণ পোৱা গৈছে।

সূত্ৰ মতে, এই প্ৰৱঞ্চনা চক্ৰটোৱে মূলত উত্তৰপ্ৰদেশ, পঞ্জাৱ, মুম্বাই, তেলেংগানা আৰু কেৰালাৰ যুৱক-যুৱতীক লক্ষ্য কৰিছিল । নতুন তথ্য পোহৰলৈ অহাৰ পাছতে চিবিআই আৰু এনআইএ-ৰ দৰে কেন্দ্ৰীয় সংস্থাই তদন্তৰ পৰিধি অধিক বিস্তৃত কৰিছে।

Exit mobile version