‘ভয়ংকৰ সুন্দৰ’ হ্ৰদত ভৰি দিলেই পুৰি যায় ছাল

আতংক সত্ত্বেও সৌন্দৰ্যৰ বাবে পৰ্যটকৰ আকর্ষণ 'এচিড লেক'

pexels lim jia le 1643207804 34391007 scaled

বিশ্বব্যাপী পর্যটকসকলৰ বাবে দীর্ঘদিনৰ পৰাই অন্যতম প্রিয় গন্তব্যস্থল হৈছে ইণ্ডোনেছিয়া। এফালে শান্ত নীল সমুদ্র; আনফালে প্রাচীন মন্দিৰ, ঘন জংঘল, বন্যপ্রাণী, সম্বিাদু খাদ্য, সক্রিয় আগ্নেয়গিৰি আদি সকলো মিলাই এক অনন্য অভিজ্ঞতা প্রদান কৰে এই দ্বীপপুঞ্জৰ দেশে। বালিৰ শান্ত উপকূলৰ পৰা জাভাৰ দুর্গম পাহাৰ, অনুপম প্রাকৃতিক সৌন্দর্য আৰু বোমান্সবে ঘেৰা দেশ ইণ্ডোনেছিয়া। ইয়াৰে এক বিস্ময়কৰ স্থান হৈছে জাভা দ্বীপৰ কাওরা ইজেন। এই আগ্নেয়গিৰিৰ ক্রেটাৰ লেকক বিশ্ব সবাতোকৈ প্রাণঘাতী হ্রদ বুলিয়ে কোৱা হয়।

জাভাৰ পূৱত অৱস্থিত কাওৱা ইজেন হৈছে এটা আগ্নেয়গিৰিৰ অংশ। ইয়াতে আছে বিশ্বৰ সবাতোকৈ এচিডিক ক্ৰেটাৰ হ্রদ। এক বিজ্ঞান পত্রিকাৰ প্রতিবেদনত কোৱা হৈছে যে হৃদৰ কিছু অংশৰ ক্ষাৰত্বৰ মাত্রা ০.৩ৰো তলত। এই মাত্রা বেটাৰী এচিডৰ সমতুল্য। অর্থাৎ, এই হ্ৰদৰ পানীয়ে যিদৰে গাৰ ছাল পুৰিব পাৰে, সেইদৰে ধাতু পর্যন্ত গলাই দিয়াত সক্ষম। হৃদৰ উজ্জ্বল ৰঙেই আচলতে পর্যটকৰ দৃষ্টি আকর্ষণ কৰে। নীলাভ সেউদ বং আন ক’তো দেখা পোৱা নাযায় বাবেই দূৰ-দূৰণিৰ পৰা মানুহে হ্রদটো চাবলৈ আহে।

আগ্নেয়গিৰিৰ তলত থকা উত্তপ্ত মেগমাৰ পৰা নিৰ্গত খনিজ আৰু এচিডৰ কাৰণেই এই বং সৃষ্টি হয়। পানীৰ ৰং ইমানেই উজ্জ্বল যে মহাকাশৰ পৰাও হেনো হ্রদটো দেখা পোৱা যায়। অৱশ্যে মাৰাত্মকভাবে বিপজ্জনক হ’লেও হ্রদটো পর্যটকৰ অন্যতম আকর্ষণ। রণ্ডাৰ বৰ্ল্ড নামৰ এটা ইউটিউব চেনেলত প্রকাশিত এক ভিডিঅ’ অনুসৰি, ইয়াত কম PH মাত্ৰাৰ কাৰণেই কাওৱা ইজেন পৃথিৱীৰ সবাতোকৈ ক্ষয়কাৰী প্রাকৃতিক জলাশয়সমূহৰ অন্যতম।

হ্রদটোত এল্যুমিনিয়ামৰ কেন পেলাই দিলে লগে লগে শব্দ হয়। পাথৰ লাহে লাগে গলি যায়। কোনো প্রাণী বা মানুহ ইয়াৰ পানীত টিকি থাকিব নোৱাৰে। অৱশ্যে বিপদ ইয়াতেই শেষ নহয়। হ্ৰদৰ পানীৰ ওচৰ-পাজৰৰ মাটিৰ ফাটৰ পৰা নিয়মিতৰূপে বিষাক্ত গেছ নির্গমন হৈ থাকে। যাৰ ভিতৰত আছে ছালফাৰ ডাই-অক্সাইড, কার্বন ডাই-অক্সাইড আৰু হাইড্র’জেন ছালফাইড।

কোনো ধৰণৰ সুৰক্ষা অবিহনে এই গেছৰ সংস্পৰ্শলৈ আহিলেই শ্বাস-প্রশ্বাসৰ কষ্ট, পক্ষাঘাত আনকি মৃত্যু পর্যন্ত হ’ব পাৰে। সেয়ে পর্যটকসকলে সাধাৰণতে গেছ মাস্ক ব্যৱহাৰ কৰে আৰু অতি কম সময়ৰ বাবেহে হ্ৰদৰ কাষত থাকে।

কাওৱা ইজেনৰ অন্যতম ডাঙৰ আকর্ষণ হৈছে উজ্জ্বল নীলা জুই বা ‘ব্লু ফায়াৰ’। আগ্নেয়গিৰিৰ ফাটৰ পৰা অত্যন্ত উচ্চ তাপমাত্রাত ওলাই অহা ছালফাৰ গেছ অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে নীলা ৰঙত জুলি উঠে। এই নীলা জুইৰ তাপমাত্রা ছশ ডিগ্রী চেলছিয়াচ পর্যন্ত হ’ব পাৰে। নিশা এই জুই অধিক স্পষ্ট দেখি। দিনত সূৰ্যৰ পোহৰৰ বাবে কিছু ম্লান হয়। সেয়ে অধিকাংশ পর্যটকে অন্ধকাৰত নীলা জুই চোৱাৰ বাবেই মাজনিশা ট্রেক আৰম্ভ কৰি পোহৰ হোৱাৰ পূৰ্বে তাত উপস্থিত হয়।

Exit mobile version