বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি অৱশেষত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিলে ক্ৰাইম ব্ৰাঞ্চে। সোমবাৰে মহানগৰীৰ পাথৰকুঁৱেৰী অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয় ।
উল্লেখযোগ্য যে, শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গে এজাহাৰ দাখিল কৰিছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবেই এই গোচৰ ৰুজু হৈছিল।
বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল।
ইয়াৰ পাছতে অভিযোগৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে তদন্ত আৰম্ভ কৰি শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, গোচৰ সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত আছে।
উল্লেখ্য যে,গ্ৰেপ্তাৰৰ পাছতেই সামাজিক মাধ্যমত অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে গৰিমা শইকীয়া গাৰ্গে ।






























