জম্মু–কাশ্মীৰৰ কিশ্তোৱাৰ জিলাত এতিয়াও অব্যাহত আছে সন্ত্ৰাসবাদী সন্ধানত ভাৰতীয় সেনাৰ অভিযান । সোমবাৰে এই অভিযানৰ দ্বিতীয় দিন। দেওবাৰৰ দুপৰীয়াৰ পৰা নিশালৈকে সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত একাধিক পৰ্যায়ত তীব্ৰ গুলীৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত বোমাৰ স্প্লিণ্টাৰৰ আঘাতত অন্তত আঠ সেনা জোৱান আহত হয়।
দেওবাৰে কিশ্তোৱাৰৰ সিংপোৱা অঞ্চলৰ সোণাৰ গাঁও সংলগ্ন গভীৰ জংঘলত সন্ত্ৰাসবাদী ঘাঁটি পতা আছে বুলি তথ্য লাভ কৰে সেনাই। ইয়াৰ পাছতে হোৱাইট নাইট্ছ কৰ্প্ছৰ নেতৃত্বত আৰম্ভ হয় ‘অপাৰেশন ত্ৰাশি-ৱান’।
সেনাই সৰু সৰু দল ভাগ হৈ জংঘলত সন্ত্ৰাসবাদী গোপন আশ্ৰয়স্থলৰ সন্ধান আৰম্ভ কৰে।
সেনা জোৱানক দেখি সন্ত্ৰাসবাদীয়ে হঠাতে গুলীবর্ষণ আৰম্ভ কৰাৰ লগতে গ্ৰেনেড নিক্ষেপ কৰে। এই আকস্মিক গ্ৰেনেড আক্ৰমণতেই দেওবাৰে নিশা আহত হয় কেবাজনো সেনা জোৱান।
আহতসকলক তৎক্ষণাৎ চিকিৎসা ব্যৱস্থা প্ৰদান কৰা হৈছে।যি পাহাৰীয়া অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন কৰি আছে বুলি সন্দেহ কৰা হৈছে, সেই অঞ্চলটো ঘন জংঘল আৰু ওখ পাহাৰ ঢালেৰে আবৃত।
নিশাৰ অন্ধকাৰ আৰু কম দৃশ্যমানতাৰ বাবে দেওবাৰে গভীৰ নিশালৈ অভিযান স্থগিত ৰখা হয়। সোমবাৰে পুৱাৰ পাছতে লগে লগে পুনৰ অভিযান আৰম্ভ কৰা হয়।
তথ্য অনুসৰি, দুই-তিন জন সন্ত্ৰাসবাদী এতিয়াও লুকাই থকা সম্ভাৱনা আছে, যিসকল পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জঈশ-এ-মুহাম্মদৰ সদস্য হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।
অভিযানত ভাৰতীয় সেনাৰ লগতে চিআৰপিএফ আৰু জম্মু–কাশ্মীৰ আৰক্ষীয়ো অংশ লৈছে। সন্ত্ৰাসবাদী সন্ধানৰ বাবে ড্ৰ’ন আৰু প্ৰশিক্ষিত কুকুৰৰ সহায়ো লোৱা হৈছে। সোমবাৰৰ পুৱা পৰ্যন্ত নতুন কোনো সংঘৰ্ষৰ খবৰ পোৱা হোৱা নাই।






























