Today’s Horoscope:দিনটোৰ ৰাশিফল

horoscope new 5

Today’s Horoscope:দিনটোৰ ৰাশিফল

মেষ: আর্থিক দিশত অপ্রত্যাশিত ভাৱে ধন লাভ হ’ব। যিকোনো শুভকৰ্মৰ পৰা বিৰত থাকক। হালধীয়া নতুবা ক্ৰীম ৰঙৰ কাপোৰ পৰিধান কৰক। শুভ সংখ্যা ১।

বৃষ: পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰিব। জপ কৰি সোঁ হাতত বঙা সূতাৰে সাত পাক্ দি বান্ধিব। ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু ৰঙা বস্তু খাব। পাৰিলে শিৱ মন্দিৰত চাকি জুলাব। শুভ সংখ্যা ৫।

মিথুন: ব্যৱসায়ত উন্নতিৰ কাৰকতা। শুভ কর্মত বাধা নাই। যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পাছত কৰিব। ক’লা কাপোৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব। প্রেমত শুভ। শুভ সংখ্যা ৭।

কর্কট: অৰ্থ প্ৰাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। বিদ্যার্থীসকলৰ শুভ। যাত্ৰা কৰিব পাৰে। যাত্ৰা কৰাৰ সময়ত গুলপীয়া কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। শুভ সংখ্যা ৫।

সিংহ: কর্মক্ষেত্রত সাৱধান থাকিব, কাৰণ আপোনাৰ আজি দিনটো শুভনহয়। বগা ৰং আপোনাৰ শুভ। গতিকে যাত্ৰা কৰোতে আৰু শুভ কাম কৰোতে বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮।

কন্যা: আর্থিক দিশত স্বচ্ছলতা থাকিব। দূৰ সংবাদত আনন্দিত হ’ব পাৰে। আপোনাৰ শুভ ৰং আকাশী নীলা। এই ৰঙে আপোনাৰ কৰ্মত সফলতা আনিব। সন্ধিয়া বিষ্ণু মন্দিৰত চাকি জ্বলাব। শুভ সংখ্যা ৯।

তুলা: আজি আপোনাৰ যাত্রা শুভ। যাত্ৰা কৰাৰ সময়ত কমলা ৰঙৰ কাপোৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। সন্ধিয়া পাঁচ বজাৰ পাছত শুভ কাম আৰু যাত্রা নকৰিব। শুভ সংখ্যা ২।

বৃশ্চিক: অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে। শুভ কাম আগত লৈ যাত্রা নকৰাই ভাল। আপোনাৰ শুভ ৰং মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। প্ৰেমত শুভ। শুভ সংখ্যা ৪।

ধনু: কর্মক্ষেত্রত উন্নতিৰ যোগ আছে। আজি যাত্রা কৰিব বিচাৰিলে প্রথম যাত্রাটো পূব দিশে কৰিব। নীলা ৰঙৰ কাপোৰ পৰিধান কৰিব। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ২।

মকৰ: চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থানৰ পথ প্রশস্ত হ’ব। আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব। আপোনাৰ শুভ ৰং কমলা। কমলা ৰঙৰ কাপোৰ পিন্ধি পুৱা সূর্যদেৱতাক প্রণাম কৰিব। শুভ সংখ্যা ৯।

কুম্ভ: ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত। চাকৰিয়ালৰ বাবে শুভ। শুভ ৰং বেঙুনীয়া। বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি যাত্ৰা কৰক। সুফল পাব। পুৱা-গধূলি শিৱৰ মন্ত্র জপ কৰিব। শুভ সংখ্যা ১।

মীন: আজি ভাবি-চিন্তি কামত অগ্ৰসৰ হ’ব। কৰ্মত বাধা আছে। আবেলি দুই বজাৰ পাছতহে যাত্ৰা কৰিব। যাত্ৰাৰ আগতে হাতত ক’লা সূতাৰে তিনিপাক দি বান্ধিব আৰু ক’লা বস্ত্ৰ পৰিধান কৰিব। শুভ সংখ্যা ৫।

Exit mobile version