Madhya Pradesh:✒️গোৰক্ষাৰ নামত কঠোৰ আইন আৰু প্ৰতিশ্ৰুতি দিয়া বিজেপি শাসিত মধ্যপ্ৰদেশতেই সংঘটিত হয় চাঞ্চল্যকৰ গো-হত্যাৰ ঘটনা। অভিযোগ অনুসৰি, ৰাজ্য সচিবালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত চৰকাৰ অনুমোদিত এখন কচাইখানাত ২৬০টাতকৈ অধিক গৰু হত্যা কৰা হৈছে।
মধ্যপ্ৰদেশত ২০০৪ চনৰ পৰা গো-হত্যা কঠোৰভাৱে নিষিদ্ধ। তদুপৰি ২০২৪–২৫ বৰ্ষক চৰকাৰে ‘গোৰক্ষা বছৰ’ হিচাপে পালন কৰি থকাৰ সময়তে এই ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিগত ১৭ ডিচেম্বৰত ভোপালত এটা হিন্দু সংগঠনে ২৬.৫ টন মাংসভৰ্তি এটা কণ্টেইনাৰ বাজেয়াপ্ত কৰে।
নিয়ম অনুসৰি উক্ত কচাইখানাত সৰ্বাধিক ৮৫টা ম’হ বধ কৰাৰ অনুমতি আছিল, যাৰ মাংসৰ পৰিমাণ হ’ব লাগিছিল সৰ্বোচ্চ ১২.৭৫ টন। কিন্তু বাজেয়াপ্ত মাংস আছিল তাৰ দুগুণতকৈও অধিক।
প্ৰথমতে স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে মাংসখিনি ম’হৰ বুলি দাবী কৰে। চৰকাৰী চিকিৎসক আৰু পশুচিকিৎসকৰ দলে সেই মতেই প্ৰতিবেদন দিয়াৰ ফলত কণ্টেইনাৰ এৰি দিয়া হয়। কিন্তু সাত জানুৱাৰীত মথুৰাৰ এখন লেবত ডিএনএ পৰীক্ষাত স্পষ্ট হয় যে মাংসখিনি গোমাংস।
তেতিয়ালৈকে কণ্টেইনাৰ মুম্বাইলৈ পঠোৱা হৈছিল আৰু বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি অভিযোগ উত্থাপন হয়।এই ঘটনাৰ পাছতে অভিযুক্ত কচাইখানাৰ পৰিচালক আচলাম কুৰেশি আৰু এজন চালকক গ্ৰেপ্তাৰ কৰা হয়।
যদিও হিন্দুত্ববাদী সংগঠনসমূহে অভিযোগ তুলিছে যে এই গ্ৰেপ্তাৰ কেৱল লোকক দেখুৱাবলৈ কৰা হৈছে আৰু গোমাংস সৰবৰাহৰ এক বৃহৎ চক্ৰক ঢাকিবলৈ চেষ্টা চলিছে।
আৰক্ষী সূত্ৰই জনোৱা মতে, কচাইখানাখনত চাৰিৰ পৰা আঠ বছৰ বয়সীয়া সুস্থ আৰু দুগ্ধবতী গৰুক বধ কৰা হৈছিল, যি আইনগতভাৱে সম্পূৰ্ণ নিষিদ্ধ। অভিযোগ অনুসৰি, ভোপাল পৌৰ নিগমৰ স’তে মৃত পশু উঠোৱাৰ চুক্তিক ব্যৱহাৰ কৰি অবৈধভাৱে গৰু কচাইখানালৈ অনা হৈছিল।
ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছে বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। প্ৰদেশ কংগ্ৰেছ সভাপতি জিতু পাটোয়াৰীয়ে মুখ্যমন্ত্ৰী মোহন যাদৱক প্ৰশ্ন কৰি কয়—“এফালে গো-সেৱাৰ ভিডিঅ’, আনফালে ৰাজধানীৰ মাজমজিয়াত গো-হত্যা। কাক ৰক্ষা কৰিবলৈ আৰক্ষী ইমান তৎপৰ?”
