২৬ মাৰ্চৰ পৰা চাৰি এপ্ৰিলৰ ভিতৰত অসমত বিধানসভা নিৰ্বাচনৰ সম্ভাৱনা

Assam Election 2021

অসমত আসন্ন বিধানসভা নির্বাচন অহা ২৬ মাৰ্চৰ পৰা চাৰি এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাবনা আছে। অহা ফেব্ৰুৱাৰীত এই হাইভল্টেজ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ’ব বুলি উচ্চস্তৰীয় সূত্ৰত প্রকাশ।

ইতিমধ্যে বিজেপিৰ শীৰ্ষ মহলত এই বার্তা বিয়পিছে। দলীয় শীর্ষ নেতৃত্বই সম্ভাব্য প্রার্থীসকলক নির্বাচনক লক্ষ্য কৰি সাজু হ’বলৈ নির্দেশ দিছে।

ইপিনে, অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন (লেখানুদান) আৰম্ভ হ’ব। যোৱা শনিবাৰে অসম বিধানসভা সচিবালয়ৰ সচিব দুলাল পেগুৱে এই সম্পর্কীয় জাননী জাৰি কৰিছে।

ইপিনে, যোৱা ২৭ ডিচেম্বৰতে বিজেপিৰ ৰাজ্যিক কার্যনির্বাহকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছিল যে ৬০ দিনৰ ভিতৰত নিৰ্বাচন ঘোষণা কৰা হ’ব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি-কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে।

মুখ্যমন্ত্রী শর্মাকে ধৰি দলৰ বিজেপি সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আদি দলৰ শীর্ষ নেতাৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা-কর্মীয়ে নির্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে। বিজেপিয়ে ইতিমধ্যে দেৱাল লিখন কাৰ্যসূচী আৰম্ভ কৰিছে। মুখ্যমন্ত্রী শর্মাই ১০৩ টা সমষ্টিত মিত্রজোঁটত জয়ী হ’ব বুলিও দাবী কৰাৰ সমান্তৰালভাৱে আগন্তুক নিৰ্বাচনৰ বাবে সাজু বুলি বিজেপিৰ ২০২৬ৰ বিধানসভা প্রবন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্রদান বৰুৱায়ো অলপতে দাবী কৰে।

আনহাতে, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সাংসদ গৌৰৱ গগৈও ৰাজ্যৰ বিভিন্ন প্রান্তত সভাত অংশগ্ৰহণ কৰি দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে। কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও তেওঁ দাবী কৰিছে। ঠায়ে ঠায়ে কংগ্রেছ সভাপতিজনে পদযাত্রাও কৰিছে। একেদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ আদি প্রত্যেকে নির্বাচনী ৰণচালি প্রস্তুত কৰি কাৰ্যক্ষেত্ৰত নামি পৰিছে।

এইবাৰৰ নিৰ্বাচনত আগন্তুক বর্ষসমূহতকৈ শাসকীয় বিজেপিকে ধৰি প্ৰতিটো দলেই আগ্রাসী মনোভাব পোষণ কৰা দেখা গৈছে।

Exit mobile version