Asomiya Yuva Mancha:
অ,এন,জি,চিৰ থলুৱা বিৰোধী নীতিক লৈ সৰৱ হল অসমীয়া যুৱ মঞ্চ। অ,এন,জি,চিৰ নাজিৰাত কাৰিকৰী পদত নিযুক্ত হৈ ভুৱা মেডিকেল চাৰ্টিফিকেটৰ জৰিয়তে অ কাৰিকৰী কৰ্মচাৰীৰ ঠাইত কাম কৰা দুষ্কাৰ্যৰ বিৰুদ্ধে আমগুৰিত অ,এন,জি,চিৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ সংবাদমেল ।
অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়াই সংবাদমেল সম্বোধন কৰি কয় যে প্ৰতিমাহে অ,এন,জি,চি ৰ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে যদিও খালী হৈ থকা পদ সমুহত নিযুক্তি হোৱা নাই । অ,এন,জি,চিৰ বিৰুদ্ধেকেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চই।
অ,এন,জি,চি কৰ্তৃপক্ষই যদি উত্থাপিত অভিযোগ সমুহ সমাধানৰ চেষ্টা নকৰে তেনেহ’লে অসমীয়া যুৱ মঞ্চই তথ্যৰ ভিত্তিত ভিজিলেঞ্চৰ কাষ চাপিব বুলি স্পষ্ট কৰি দিছে আকাশ শইকীয়াই I




































