CMSS Leader Arrested:
ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ শাখা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আল আমিন হকক ৷ বাঘবৰৰ পৰা হাউলী অভিমুখে গৈ থকা সময়ত হাউলী আৰক্ষীয়ে আল আমিন হকৰ বাহন খনত তালাচী চলাই জব্দ কৰে ১২.৫০ গ্ৰাম ড্ৰাগছ আৰু ১৯৫.৫২ গ্ৰাম গাঞ্জা ।
উল্লেখ্য যে ধৃত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনক ইয়াৰ পূৰ্বেও গৰু চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে ৷
