Cyber Criminal Arrested in Moirabari:ভূপাল আৰক্ষীৰ জালত মৈৰাবাৰীত কুখ্যাত চাইবাৰ অপৰাধী

WhatsApp Image 2026 01 21 at 3.50.27 PM

Cyber Criminal Arrested in Moirabari:

ভূপাল আৰক্ষীৰ জালত মৈৰাবাৰীত কুখ্যাত চাইবাৰ অপৰাধী ৷ মৰিগাঁও আৰক্ষীৰ সহযোগত মৈৰাবাৰীৰ পৰা ভূপাল আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধী ইব্রাহিম আলীক ৷

উল্লেখ্য যে ধৃত ইব্রাহিম আলীয়ে মধ্যপ্ৰদেশত অটিপি বিক্ৰী কৰি লুটিছিল বহু লাখ টকা । এই সন্দৰ্ভত ভূপাল আৰক্ষীয়ে লাভ কৰিছিল কেতবোৰ তথ্য। এই তথ্যৰ ভিত্তিতে বহি:ৰাজ্যৰ আৰক্ষী দলটোৱে মৈৰাবাৰীত অভিযান চলাই কুখ্যাত চাইবাৰ অপৰাধীটোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ অপৰাধীটোৰ পৰা ৮৯ খন ছিম, ৩ টা মোবাইল জব্দ কৰে ভূপাল আৰক্ষীয়ে ৷

Exit mobile version