Dispur:
এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এটা মহাপ্ৰৱঞ্চকৰ ক্ষেত্ৰত ৷ অসম সচিবালয়ত চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা সংগ্ৰহ কৰিছিল সাতগাঁৱৰ বাণীকান্ত মেধি নামৰ প্ৰৱঞ্চকজনে ৷ মেধিয়ে ২০২৪ চনৰ পৰাই চাকৰি দিম বুলি লুটি আহিছে ধন ৷ চাকৰি দিয়াৰ নামত ধন লুটৰ অভিযোগ বহুকেইজন ভুক্তভোগীয়ে মহাপ্ৰৱঞ্চক বাণীকান্ত মেধিৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে সোমবাৰে দিছপুৰ আৰক্ষীয়ে অভিযান চলাই সাতগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
ADVERTISEMENT




































