GHAGRAPAR:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বৰধনৰা গাঁৱৰ বৰমপুৰস্থিত পৌৰাণিক আখ্যানেৰে ভৰপূৰ গৰখীয়া গোপাল থানত কিছু বছৰ পূৰ্বৰ পৰাই প্ৰতি বছৰে মাঘ মাহৰ ৭ তাৰিখে শ্ৰীশ্ৰী হোম যজ্ঞৰ ব্যাপক আয়োজন কৰি আহিছে ৷ এই থান খনত মনৰ বাঞ্চা পূৰ্ণ হয় গণ বিশ্বাস আছে ৷ এই থান খনৰ প্ৰতি বৃহত্তৰ অঞ্চলটোৰ ২নং বৰধনৰা, ১নং বৰধনৰা, আমৰা, থানপাতকুছি, নাৰপাৰা, বড়িদতৰা, লাটিমা, নিমুৱাকে ধৰি বিভিন্ন গাঁওৰ লোক সকল ক্ৰমাৎ আকৰ্ষিত হৈ অহা পৰিলক্ষিত হৈছে ৷
আজি পুৱাৰ ভাগত বনভাগ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন্দ্ৰ কলিতাই বন্তি প্ৰজ্বলনৰে হোম যজ্ঞ অনুষ্ঠানৰ আৰম্ভ কৰে ৷ আনহাতে নাগাৰা নাম পৰিৱেশনৰ শুভাৰম্ভ কৰে গ্ৰাম্য বিকাশ মঞ্চৰ অধ্যক্ষ পৃথ্বিভূষণ ডেকাই ৷ এইবেলি ভগৱান কলিতা সভাপতি, তাৰিণী শৰ্মা আৰু দিগন্ত কলিতা সম্পাদকৰ দায়িত্ব থাকি আয়োজন কৰা শ্ৰীশ্ৰী হোম যজ্ঞ অনুষ্ঠানৰ সকলো মাংগলিক কাৰ্য সম্পন্ন কৰাৰ অন্তত প্ৰায় তিনি সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকি পথাৰৰ নৰাৰ মাজত বহি এটা ভাল লগা পৰিৱেশত একেলগে ভোগ গ্ৰহণ কৰে ৷ আজি থানখনত আয়োজিত শ্ৰীশ্ৰী হোম যজ্ঞ অনুষ্ঠানত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ ৰাইজে এই গৰখীয়া গোপাল থানখনৰ উন্নয়ন কৰাৰ লগতে থানখনলৈ অহা পথটো নিৰ্মাণ কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷




































