চত্তিশগড়ত ষ্টীল প্লাণ্টত ভয়াবহ বিস্ফোৰণ, সাত জন শ্রমিকৰ মৃত্যু

IMG 20260122 143102

চত্তিশগড়ৰ বাকুলাহী অঞ্চলত অৱস্থিত এটা ষ্টীল প্লাণ্টত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় ভয়াবহ বিস্ফোৰণৰ ঘটনা । এই দুৰ্ঘটনাত অগ্নিদগ্ধ হৈ অন্তত সাতজন শ্রমিকৰ মৃত্যু হয় আৰু কেবাজনো আহত হৈছে।

প্ৰতিদিনৰ দৰে পুৱা প্লাণ্টটোত বহু শ্রমিক কাম কৰি আছিল। সেই সময়তে প্লাণ্টৰ এটা কয়লা চুল্লিত হঠাতে বিস্ফোৰণ হয়। বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চল কঁপি উঠে আৰু মুহূর্তৰ ভিতৰতে জুইৰে আৱৰি ধৰে ঘটনাস্থলী।

দুৰ্ঘটনাৰ পিছতেই একাংশ শ্রমিক প্লাণ্টৰ ভিতৰত আবদ্ধ হৈ পৰে। উত্তপ্ত কয়লা আৰু জুইৰ সংস্পৰ্শত কেবাজনো শ্রমিকে প্ৰাণ হেৰুওৱা বুলি স্থানীয় সূত্ৰই জনাইছে।

আহতসকলক তত্‍ক্ষণাত উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যদিও আহতৰ সঠিক সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই।

খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। লগতে প্লাণ্টৰ সুৰক্ষা ব্যৱস্থা সঠিক আছিল নে নাই, সেই বিষয়টোও তদন্তকাৰী দলে খতিয়ান লৈ আছে। এই ঘটনাক লৈ এতিয়ালৈ প্লাণ্ট কৰ্তৃপক্ষই কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই।

Exit mobile version