Darrang:দৰঙৰ খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ প্ৰতিবাদ দৰং গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদৰ

WhatsApp Image 2026 01 22 at 3.39.54 PM

Darrang:

দৰং জিলাৰ বহু খিলঞ্জীয়া গৰিয়া জনগোষ্ঠীৰ প্ৰায় প্ৰত্যেক গাৱঁৰ একাংশ ভোটাৰৰ নাম তালিকাৰ পৰা যধে মধে কৰ্তন ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি।

বুধবাৰে মঙলদৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ উপ-সভাপতিদ্বয় মইনুল হক শইকীয়া,মিছবাহুল হুদা, প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ তথা মহিলা কোষৰ সম্পাদক নুৰজাহান বেগম, মঙলদৈ সদৰ সমিতিৰ কাৰ্যকৰী সভাপতি কমৰুল হামিদ ভূঞাৰ উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড: চহিৰ ভূঞাই এই কথা সদৰী কৰি উদাহৰণ স্বৰূপে মঙলদৈ বিধানসভা সমষ্টিৰ কানাইচুবা গাঁৱৰ সৰ্বমুঠ ৯৭ গৰাকী, মোল্লাপাৰা গাঁৱৰ ৮৪, জাৱেৰিকুছি-ডেকাৰগাঁৱৰ ১১১ ছিপাঝাৰ বিধানসভা সমষ্টিৰ বেছিমাৰী গাৱঁৰ ৪২ গৰাকী,নেওগপাৰাৰ ৮২ গৰাকী, কপিলী সত্ৰৰ ৪৬, শান্তিপুখুৰী গাঁৱৰ ২৫০,পাথৰিঘাটৰ ২৮ৰামৰাইপাৰাৰ ২৯,পিপৰাকুছিৰ ৭১, মুছলিম ঘোপাৰ ১৯৫ গৰাকী থলুৱা গৰিয়া জনগোষ্ঠীৰ পুৰুষ মহিলাৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁলোকৰ মৃত্যু হোৱা বুলি বা স্থানান্তৰ হোৱা বুলি জাননী জাৰি কৰিছে ।

এনে জাননী দৰঙৰ মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰায় প্ৰত্যেক গাৱঁৰ গৰিয়া জনগোষ্ঠীৰ একাংশ ভোটাৰে পাইছে। এই জাননী মতে অভিভোগকাৰী হিচাপে ওচৰ পাজৰৰ সাতামপুৰুষীয়া ঐক্য সংহতিৰে অতীজৰে পৰা একেলগে ভাই ককাইৰ দৰে বাস কৰি থকা অইন সম্প্ৰদায়ৰ লোক একাংশ নাম আহিছে অথবা একাংশ অজ্ঞাত ব্যক্তিৰ নামো অভিযোগকাৰী হিচাপে আহিছে।সেয়ে সদৌ অসম গৰিয়া -মৰিয়া-দেশী জাতীয় পৰিষদে এই কাৰ্যৰ দ্বাৰা ভূমিপুত্ৰ গৰিয়া জনগোষ্ঠীৰ লোকৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ লগত ভাতৃঘাতী সংঘৰ্ষৰ লেখিয়া পৰিবেশ সূচনা কৰিবলৈ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

সেয়ে পৰিষদে চৰকাৰক ইয়াৰ উচিত তদন্ত কৰি অপশক্তিক চিনাক্তকৰণৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে । লগতে ভুক্তভোগী থলুৱা লোকসকলৰ যাতে কোনো কাৰণতে ভোটাধিকাৰ কৰ্তন বা খৰ্ব নহয় নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্ত আৰু নিৰ্বাচনী আয়োগক দাবী জনায়।

Exit mobile version