দিল্লীত বিজুলী ঢেৰেকনি-সহ বৰষুণ, কাশ্মীৰত শীতৰ প্ৰবল প্ৰভাৱ

1769142963 whatsapp image 2026 01 23 at 10 05 50 am

Delhi:✒️শুকুৰবাৰে পুৱাই মেঘে আৱৰি ধৰিলে দিল্লিৰ আকাশ। টিপটিপকৈ আৰম্ভ হোৱা বৰষুণৰ লগতে ঠাইবিশেষে বৰষুণ, বজ্ৰপাত আৰু বিজুলী বতাহে মহানগৰখনৰ পুৱাৰ নিদ্ৰা ভাঙিলে।

কেৱল দিল্লি নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো একেই বতৰৰ প্ৰভাৱ দেখা গৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দিনটো দিল্লীত ডাৱৰীয়া বতৰে আধিপত্য বিস্তাৰ কৰি ৰাখিব।

ঠাইবিশেষে বিক্ষিপ্ত বৃষ্টিপাত হোৱাৰ সম্ভাৱনাও আছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান বিভাগে দিল্লিৰ বাবে ‘কমলা’ সতর্কতা জাৰি কৰিছে।

পুৱাৰ বুলেটিন অনুসৰি, ৰাজধানীৰ বহু অঞ্চলত বিজুলী ঢেৰেকনিৰ-সহ বৰষুণ হোৱাৰ সম্ভাৱনা আছিল, আৰু সেই অনুসৰি পুৱাৰ পৰাই বৰষুণ আৰম্ভ হৈছে।

বতৰ বিজ্ঞান বিভাগেও উল্লেখ কৰিছে যে দিল্লীৰ একাংশ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। প্ৰচণ্ড বতাহ বলিব, যাৰ গতিবেগ প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত হ’ব। দুপৰীয়াৰ পিছত বৰষুণৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

বৰষুণৰ ফলত দিল্লি আৰু ইয়াৰ আশপাশৰ অঞ্চলত তাপমাত্ৰা যথেষ্ট হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।

ইফালে, উত্তৰ ভাৰতৰ আন এটা ছবি দেখা গৈছে কাশ্মীৰত। শুকুৰবাৰে পুৱাই কাশ্মীৰ উপত্যকা বগা বৰফৰ চাদৰে ঢাকি ধৰিলে। গুলমাৰ্গৰ স্কি-ৰিজ’ৰ্টসহ কেবাটাও ঠাইত নতুনকৈ তুষাৰপাত হৈছে।

বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰাই উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ গুলমাৰ্গত বৰফ পৰিবলৈ আৰম্ভ হৈছিল।

তুষাৰপাতৰ ফলত শ্ৰীনগৰ বিমানবন্দৰত উড়ান সেৱা ব্যাহত হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, বিমান চলাচল সম্পূৰ্ণ স্বাভাৱিক হ’বলৈ অলপ বেছি সময় লাগিব পাৰে। ৰে’ল চলাচলতো প্ৰভাৱ পৰিছে।

তুষাৰপাতৰ বাবে শ্ৰীনগৰৰ পৰা জম্মুলৈ যোৱা মুখ্য পথ বন্ধ কৰা হৈছে। কেৱল কাশ্মীৰেই নহয়, হিমাচলপ্ৰদেশৰ মানালিতো নতুনকৈ তুষাৰপাত হৈছে।

Exit mobile version