Accident in Kahilipara:সৰস্বতী পূজাৰ দিনটোতে মহানগৰীত শোকাৱহ দুৰ্ঘটনা

১০৮ৰ খুন্দাত যুৱতীৰ মৃত্যু

WhatsApp Image 2026 01 23 at 7.33.21 PM

Accident in Kahilipara:

সৰস্বতী পূজাৰ আনন্দ উছাহৰ মাজতে মহানগৰীত শোকাৱহ দুৰ্ঘটনা ৷ কাহিলিপাৰাত ১০৮ এম্বুলেন্সৰ খুন্দাত মৃত্যু যুৱতীৰ । সৰস্বতী পূজালৈ বুলি সাজিকাচি খোজকাঢ়ি গৈ থকা পথত এগৰাকী যুৱতীক পিছফালৰ পৰা ১০৮ এম্বুলেন্সে মহতিয়াই নিয়াৰ ফলত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় যুৱতী গৰাকীয়ে । লুনা ভৰদ্বাজ মহানগৰীৰ জেবি আইন মহাবিদ্যালয়ৰ শিক্ষার্থী আছিল । ঘৰ বঙাইগাঁৱত ৷

উল্লেখ্য যে কৰুণ মৃত্যুক সাবটি লোৱা আইনৰ ছাত্ৰী গৰাকীয়ে দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল ৷ আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ লগতে ১০৮ এম্বুলেন্স বাহন খন জব্দ কৰে ।

Exit mobile version