Bomb terror in Guwahati:সৰস্বতী পূজাৰ দিনাই মহানগৰীৰ কেইবাখনো বিদ্যালয়ত বোমাৰ আতংক

দুষ্ট চক্ৰই ই- মেইল যোগে বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি

WhatsApp Image 2026 01 23 at 2.01.25 PM

Bomb terror in Guwahati:

বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী পূজাৰ আনন্দ উছাহৰ মাজতে শুকুৰবাৰে মহানগৰীত সংঘটিত হয় এক অঘটন। সৰস্বতী পূজাৰ বৈদিক কামকাজ চলি থকাৰ সময়তে কেইবাখনো বিদ্যালয়ত বোমাৰ আতংক ৷ দিল্লী পাব্লিক ,স্কুল সংস্কৃতি দ্য গুৰুকুল বিদ্যালয় সহ কে’বাোখনো বিদ্যালয়লৈ দুৰ্বৃত্তই ইমেইল যোগে বোমাৰে উৰুৱৰই দিয়াৰ ভাবুকি পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছত আৰক্ষী সহ বোমা বিশেষজ্ঞ দল উপস্থিত হৈ বিদ্যালয় কেই খনৰ চৌহদ তন্নতন্নকৈ পৰীক্ষা কৰে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে কোনো দুষ্ট চক্ৰই আতংক সৃষ্টি কৰিবৰ বাবে এইদৰে বোমা সংস্থাপনৰ ভাবুকি দিছে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Exit mobile version