Raijor Dal Pressmeet:মিত্ৰতাৰ সন্দৰ্ভত কংগ্রেছলৈ অন্তিম ডেডলাইন ৰাইজৰ দলৰ

৩১ জানুৱাৰী সময়সীমা বান্ধি দিলে ৰাইজৰ দলে

WhatsApp Image 2026 01 23 at 3.39.20 PM

Raijor Dal Pressmeet:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা থকা অৱস্থা শাসক- বিৰোধী সকলো দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। বিজেপি মিত্ৰজোঁটে আসন বুজাপৰাৰ সন্দৰ্ভত ফেব্ৰুৱাৰীতে মোহৰ মৰাৰ কথা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ বিপৰীতে কংগ্ৰেছেও ৰাজ্যৰ চুকে কোনে আৰম্ভ কৰিছে সভা – সমিতি ৷ একেদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংখ্যালঘু অধ্যুষিত সমষ্টি সমূহত ধাৰাবাহিক ৰাজহুৱা সভা অনুষ্ঠিত কৰি নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ বাবম সাজু হৈছে ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ সমষ্টিত ৰাইজৰ দলৰ ব্যাপক কুজকাৱাজ আৰম্ভ কৰাক লৈ চিন্তিত হৈ পৰিছে সমষ্টি কেইটাৰ বৰ্তমানৰ বিধায়ক সকল ৷

উল্লেখ্য যে কংগ্ৰেছৰ স’তে মিত্ৰতা পাশত আবদ্ধ হ’বৰ বাবে বাট চাই থকা অখিল গগৈয়ে আনকি জানুৱাৰীৰ ভিতৰতে আসন বুজাবুজি বিষয়টো সম্পন্ন কৰাৰ বাবে এপিচিচি সভাপতি গৌৰৱ গগৈক হেঁচা দিয়াৰ বিপৰীতে গগৈয়ে এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছ শতাধিকৰ অধিক আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ তাৰ পিছতহে আসন বুজাবুজাি হ’ব ৷ গৌৰৱ গগৈৰ এনে স্থিতিৰ মাজতে ধিঙত নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ দিয়ে অখিল গগৈয়ে ৷ ধিঙক লৈ কোনো কম্পমাইজ কৰা নহয় ৷ আসন বুজাবুজিৰ ক্ষেত্ৰত শেহতীয়াকৈ কংগ্ৰেছৰ পৰা কোনো ইতিবাচক সহাৰি লাভ নকৰি ক্ষুন্ন হৈ পৰিছে ৰাইজৰ দলৰ নেতৃত্ব ৷

যাৰবাবে শুকুৰবাৰে মহানগৰীৰ ৰাইজৰ দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া আৰু দলৰ জ্যেষ্ঠ মুখ পাত্ৰ দিলীপ কুমাৰ শইকীয়াই আসন বুজাবুজিক লৈ কংগ্রেছলৈ অন্তিম ডেডলাইন বান্ধি দিয়ে ৷মিত্ৰতাৰ বাবে ৩১ জানুৱাৰীৰ ভিতৰত কংগ্ৰেছে কোনো সিদ্ধান্ত নল’লে ৰাজ্যৰ ৪০ টা সমষ্টি নিজাববীয়াকৈ প্রার্থী দিব ৰাইজৰ দলে ৷

Exit mobile version