নবৰংপুৰ ‘মাওবাদী মুক্ত’ ঘোষণা উৰিষ্যা চৰকাৰৰ

সাতগৰাকী মহিলা সদস্যসহ ন'জন মাওবাদীৰ আত্মসমৰ্পণ

IMG 20260124 151306

নবৰংপুৰ জিলাক আনুষ্ঠানিকভাৱে ‘মাওবাদী মুক্ত’ বুলি ঘোষণা কৰিছে উৰিষ্যা চৰকাৰে। আজি সাত গৰাকী মহিলা সদস্যসহ মুঠ ন’জন মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ পিছতেই এই ঘোষণা কৰা হয়।

তথ্য অনুসৰি ,আত্মসমৰ্পণ কৰা এই ন’জন মাওবাদীৰ মূৰত ঘোষিত মুঠ পুৰস্কাৰৰ পৰিমাণ আছিল প্ৰায় ৪৭ লাখ টকা।

জিলা আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত জনোৱা মতে, এতিয়া নবৰংপুৰ জিলাত মাওবাদীৰ কোনো সক্ৰিয় উপস্থিতি নাই। আত্মসমৰ্পণ কৰা মাওবাদীসকলে নবৰংপুৰ আৰু চত্তীসগঢ়ৰ ধামতাৰি অঞ্চলৰ পৰা নিজৰ কাৰ্যকলাপ পৰিচালনা কৰিছিল।

উল্লেখযোগ্য যে, নবৰংপুৰ জিলা আগতে কেবাটাও ভয়ংকৰ মাওবাদী আক্ৰমণৰ সাক্ষী। ২০১১ চনৰ ২৪ ছেপ্টেম্বৰত বিজেপি বিধায়ক জগবন্ধু মাঝি আৰু তেওঁৰ দেহৰক্ষী পিকে পাত্ৰৰ ওপৰত এই জিলাতেই মাওবাদীয়ে আক্ৰমণ চলাইছিল।

তাৰোপৰি, ২০১০ চনৰ ১৬ জুলাইত ৰায়গড় ব্লকৰ কুন্দেই থানাতো মাওবাদী আক্ৰমণ সংঘটিত হৈছিল।

আৰক্ষী সূত্ৰ অনুসৰি, উৰিষ্যাৰ মুঠ ৩০খন জিলাৰ ভিতৰত এতিয়াও মাত্ৰ সাতখন জিলাত মাওবাদী সক্ৰিয় আছে। এই জিলা কেইখন হ’ল— কন্ধমল, কালাহাণ্ডি, বোলাঙ্গিৰ, মালকানগিৰি, কোৰাপুট, ৰায়গড় আৰু বৌধ।

এই জিলাসমূহৰ কিছুমান দূৰ্গম আৰু প্ৰত্যন্ত অঞ্চলত মাওবাদীৰ সক্ৰিয়তা এতিয়াও দেখা যায়।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগতেই ঘোষণা কৰিছিল যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশ সম্পূৰ্ণৰূপে মাওবাদী মুক্ত হ’ব। দেশজুৰি মাওবাদীৰ আত্মসমৰ্পণৰ ঘটনা বৃদ্ধি পোৱাৰ মাজতেই নবৰংপুৰৰ এই ঘটনাক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গণ্য কৰা হৈছে।

Exit mobile version