Khanapara:সোমবাৰে সমগ্ৰ দেশত উদযাপিত হ’ব ৭৭ সংখ্যক গণৰাজ্য দিৱস

খানাপাৰাত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ বাবে চূড়ান্ত অনুশীলনত ব্যস্ত ২৪টা প্লাটুন

WhatsApp Image 2026 01 24 at 5.47.04 PM

Khanapara:

সোমবাৰে সমগ্ৰ দেশত উদযাপিত হ’ব ৭৭ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসক লৈ সাজু দেশৰ লগতে সমগ্ৰ ৰাজ্য ৷ জিলা- সম জিলাত দিৱসৰ অনুষ্ঠানৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া প্লাটুন সমূহে কুজকাৱাজৰ অনুশীলন চলাই গৈছে ৷

আনহাতে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ’ব গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পেৰেডৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চাযই ।

উল্লেখ্য যে খানাপাৰাৰ পেৰেডত অংশগ্ৰহণ কৰিব ২৪টা প্লাটুনে ৷ বিগত কে’বাদিনো ধৰি চূড়ান্ত অনুশীলনত ব্যস্ত থাকে আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ জোৱান সহ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী সকলৰ দল সমূহ ।

Exit mobile version