Donald Trump:✒️একমাহৰ ভিতৰতে দ্বিতীয়বাৰ। আমেৰিকাৰ মিনিয়েপলিছত পুনৰ উত্তেজনা। অভিবাসন দপ্তৰ (আইচিই)-ৰ এজন আধিকাৰীৰ গুলীত নিহত এজন যুৱক। ঘটনাৰ পাছতেই অঞ্চলজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ।
এই ঘটনাক কেন্দ্ৰ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভ। মিনিচোটা ৰাজ্যৰ গৱৰ্ণৰ টিম ৱালজেও ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে।
তথ্য অনুসৰি,নিহত যুৱকৰ নাম এতিয়ালৈকে প্ৰকাশ পোৱা নাই। আমেৰিকাৰ হোমলেণ্ড ছিকিউৰিটি বিভাগৰ দাবী অনুসৰি, যুৱকৰ ওচৰত পৰা এটা আগ্নেয়াস্ত্ৰ আৰু দুটা মেগাজিন উদ্ধাৰ কৰা হৈছে।লগতে তেওঁ অঞ্চলটোত আগ্নেয়াস্ত্ৰৰ ছবি বিতৰণ কৰিছিল বুলিও অভিযোগ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকাত আধিকাৰীয়ে গুলী চলাবলগীয়া হয় বুলি দপ্তৰে জানিবলৈ দিয়ে।
এই ঘটনাৰ পাছতেই মিনিয়েপলিছ পুনৰ উত্তপ্ত হৈ উঠে। ৰাজপথত ওলাই আহিছে বহু লোক। ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে শ্লোগানেৰে মুখৰ হৈ পৰিছে চহৰখন। আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে অভিযোগ তুলিছে যে গৱৰ্ণৰ টিম ৱালজ আৰু মেয়ৰ জেকব ফ্ৰেই এই অশান্তিত উচটনি দিছে।
উল্লেখযোগ্য যে, কিছুদিন আগতেই মিনিয়েপলিছত অভিবাসন আধিকাৰীৰ গুলীত ৩৭ বছৰীয়া ৰেনি নিকোল গুডৰ মৃত্যু হৈছিল। সেই ঘটনাৰ পাছতো ব্যাপক প্ৰতিবাদ হৈছিল।
সেই উত্তেজনা মাৰ নৌ যাওতেই পুনৰ একে ধৰণৰ ঘটনাই আমেৰিকাৰ এই চহৰখনক পুনৰ অশান্ত কৰি তুলিলে।
