শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

images 7

বলিউদৰ দেওনা পাৰ হৈ এতিয়া হলিউদতো পৰিচিত হৈ পৰিছে প্ৰিয়ংকা চোপ্রা। সম্প্রতি তেওঁক আন্তর্জাতিক পুৰস্কাৰৰ মঞ্চত সঞ্চালিকাৰ ভূমিকাতো দেখা গৈছিল।

অথচ প্রাক্তন বিশ্বসুন্দৰীৰ হলিউদৰ আৰম্ভণি যাত্ৰা বৰ সহজ নাছিল। প্রথম বাধা হৈ পৰিছিল তেওঁৰ শৰীৰৰ বৰণ। সম্প্রতি এই কতা সদৰী কৰিছে প্ৰিয়ংকাৰ ব্যক্তিগত মেনেজাৰ অঞ্জুলা অচাৰিয়াই।

‘বাদামী’ ৰঙৰ অভিনেত্ৰীক আমেৰিকাৰ বিনোদনৰ জগতত তুলি ধৰাৰ বিষয়টোক লৈ যথেষ্ট ঠাট্টা-মস্কৰা হৈছিল বুলিও জনাইছে অঞ্জুলাই। ৱেব ছিৰিজ ‘কোৱান্টিকো’ত প্রথম অভিনয় কৰিছিল প্রিয়ংকাই।

ব্যক্তিগত মেনেজাৰৰূপে অঞ্জুলাই প্রিয়ংকাক হলিউদৰ স’তে পৰিচয় কৰাই দিয়াৰ সময়ত হেনো একাধিক ঘটনাৰ সন্মুখীন হৈছিল। ক’লা বৰণৰ অভিনেত্ৰীক হলিউদত প্রতিষ্ঠিত কৰিব বিচাৰিছে বুলি অঞ্জলিাক বহুতে মূর্খ বুলিও কটাক্ষ কৰিছিল।

সেই অভিজ্ঞতা সন্দৰ্ভত অঞ্জুলাই কয়, ‘কিছুমান মানুহে মোক কৈছিল, মই হেনো মূর্খ। কাৰণ মই প্রিয়ংকাৰ ব্যক্তিগত মেনেজাৰৰ কাম কৰিছো। সকলোৱে কৈছিল যে বলিউদৰ ক’লা অভিনেত্ৰীয়ে আমেৰিকাত একো কাম নাপাব।’

Exit mobile version