মাহত ২০ দিন ঘৰত বহি কাম! হাইব্ৰিড ৱৰ্ক মডেলত কৰ্মীৰ বিদ্যুৎ ব্যৱহাৰৰো হিচাপ ৰাখিব ইনফোচিছে

images 1 3

Infosys:✒️একাধিক পৰ্যায়ত বৃহৎ পৰিসৰত কৰ্মী ছাঁটাইৰ পাছত নাৰায়ণ মূৰ্তিৰ সংস্থা ইনফোচিছে আৰম্ভ কৰিছে নৱ হাইব্ৰিড ৱৰ্ক মডেল। এই ব্যৱস্থাত কৰ্মীসকলে মাহে ২০ দিন ঘৰত বহি কাম কৰাৰ (Work From Home) সুবিধা লাভ কৰিব।

ইয়াৰ লগতে কৰ্মীসকলে ঘৰত বহি কাম কৰাৰ সময়ত ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণৰো হিচাপ ৰাখিব সংস্থাই।

সংবাদমাধ্যম সূত্ৰে জানিব পৰা মতে, ইনফোচিছে কৰ্মীসকলৰ মাজত এক সমীক্ষা আৰম্ভ কৰিছে। সমীক্ষাত সোধা হৈছে—ঘৰত বহি কাম কৰাৰ সময়ত কিমান বিদ্যুৎ ব্যৱহাৰ হয়।

সংস্থাৰ বৰ্তমান নীতি অনুসৰি কৰ্মীসকলক মাহে কমেও ১০ দিন কাৰ্যালয়ত উপস্থিত থাকিব লাগিব, আৰু বাকী দিনবোৰত তেওঁলোকে ঘৰৰ পৰা কাম কৰিব পাৰিব।

ইনফোচিছৰ মতে, বৃহৎ সংখ্যাত কৰ্মী ঘৰৰ পৰা কাম কৰাৰ ফলত ঘৰুৱা বিদ্যুৎ ব্যৱহাৰৰ পৰা হোৱা কাৰ্বন নিৰ্গমনো সংস্থাৰ সামগ্ৰিক পৰিবেশগত প্ৰভাৱৰ অংশ।

ইতিমধ্যে এই সন্দৰ্ভত কৰ্মীসকললৈ ই-মেইল প্ৰেৰণ কৰা হৈছে। তাত স্পষ্টকৈ কোৱা হৈছে—ঘৰত ব্যৱহৃত বিদ্যুৎও ইনফোচিছৰ গ্ৰিনহাউছ গেছ নিৰ্গমনৰ হিচাপত ধৰা হ’ব।

সংস্থাৰ চিএফও জয়েশ সংঘৰাজকাই জনায়, হাইব্ৰিড ৱৰ্ক মডেলত কাৰ্বন নিৰ্গমনৰ প্ৰভাৱ কেৱল কাৰ্যালয় চৌহদতে সীমাবদ্ধ নহয়। ঘৰত বহি কাম কৰাৰ সময়ত ব্যৱহৃত বিদ্যুৎও সংস্থাৰ মুঠ কাৰ্বন ফুটপ্ৰিন্টৰ অংশ, সেয়েহে এই তথ্য সংস্থাৰ বাবে অতি প্ৰয়োজনীয়।

সমীক্ষাত কৰ্মীসকলক সোধা হৈছে—অফিচৰ কামত ব্যৱহৃত লেপটপ, মনিটৰ, ইণ্টাৰনেট আদিত বিদ্যুৎ কেনেদৰে অপচয় ৰোধ কৰে, লগতে কামৰ সময়ত পৰিয়ালৰ বিদ্যুৎ ব্যৱহাৰৰ বিষয়েও তথ্য দিবলৈ কোৱা হৈছে।

উল্লেখযোগ্য যে, বিগত ১৫ বছৰে ইনফোচিছে পৰিবেশগত টেকসই উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আহিছে। পূৰ্বতে কেৱল কাৰ্যালয়ৰ কাৰ্বন নিৰ্গমনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, কিন্তু হাইব্ৰিড ৱৰ্ক মডেল বিস্তাৰ পোৱাৰ লগে লগে এতিয়া ঘৰুৱা বিদ্যুৎ ব্যৱহাৰো সংস্থাই পৰিবেশ সংৰক্ষণৰ দৃষ্টিৰে হিচাপত আনিব বিচাৰিছে।

Exit mobile version