প্ৰৱল তুষাৰপাত আৰু হাড়কঁপোৱা শীতৰ মাজত বৰফৰ তলত পৰি আছে এজন যুৱকৰ মৃতদেহ। মৃতদেহৰ কাষতেই চাৰি দিন ধৰি বহি আছে তেওঁৰ পোষ্য পিটবুল।
হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভৰমৌৰ অঞ্চলৰ পৰা এই হৃদয়বিদাৰক ঘটনাটো পোহৰলৈ আহিছে। যোৱা কিছুদিন ধৰি হিমাচল প্ৰদেশত অবিৰত তুষাৰপাত চলি আছে। সন্দেহ কৰা হৈছে, প্ৰবল শীতৰ বাবেই যুৱকজনৰ মৃত্যু হয়।
প্ৰাকৃতিক দুৰ্যোগৰ বাবে গাঁওবাসীসকল ঘৰৰ বাহিৰলৈ ওলাই নাছিল, ফলত ঘটনাটো কেইবাদিনো ধৰি কাৰো চকুত পৰা নাছিল।
বতৰৰ কিছু উন্নতি হোৱাৰ পাছত গাঁওবাসীয়ে যুৱকজনক নিজৰ ঘৰৰ পৰা অলপ আঁতৰত বৰফৰ তলত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে । বৰফৰ মাজেদি মৃতদেহৰ এটা অংশ আৰু পৰিহিত শীতবস্ত্ৰ দেখা গৈছিল। সেই মৃতদেহৰ কাষতেই পোষ্য পিটবুলটো বহি আছিল।
তীব্ৰ শীত আৰু ভোক উপেক্ষা কৰি পোষ্যটোৱে চাৰি দিন ধৰি মালিকৰ দেহ ঢাকি কাষৰ পৰা তেওঁক এৰি নগ’ল। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাত পিটবুলটো প্ৰথমে আক্রমণাত্মক হৈ উঠে আৰু মৃতদেহ উদ্ধাৰত বাধা দিয়ে।
বহু সময় ধৰি পোষ্যটোক শান্ত কৰাৰ পাছতহে মৃতদেহ উদ্ধাৰ কৰা হয়। পাছত পোষ্যটোকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰি লৈ যোৱা হয়।
উল্লেখযোগ্য যে, পিটবুল কুকুৰক লৈ পূৰ্বে হিংস্ৰতাৰ অভিযোগ উঠিছিল আৰু কিছুমান প্ৰজাতিৰ কুকুৰৰ প্ৰজনন আৰু বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্তো লোৱা হৈছিল। কিন্তু ভৰমৌৰৰ এই ঘটনাই পিটবুলৰ বিশ্বস্ততা আৰু মানৱিক অনুভৱৰ এক বিৰল নিদৰ্শন হিচাপে পৰিগণিত হৈছে।
ইফালে, হিমাচল প্ৰদেশত অব্যাহত তুষাৰপাতৰ ফলত বহু পথ বন্ধ হৈ পৰিছে। যান-বাহন চলাচল ব্যাহত হৈছে। বতৰ বিভাগে আগন্তুক দিনতো তুষাৰপাত বৃদ্ধি পাব বুলি পূৰ্বাভাস দিছে।






























