Fire in West Tripura:পশ্চিম ত্ৰিপুৰাৰ আৰক্ষী শিবিৰত বিধ্বংসী অগ্নিকাণ্ড

জুইত জাহ গ'ল আৰক্ষী জোৱানৰ অস্ত্র-শস্ত্রসহ ভিন্ন সামগ্রী

WhatsApp Image 2026 01 27 at 11.44.51 AM

Fire in West Tripura:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ পশ্চিমাঞ্চলৰ খায়েৰপুৰ বিধ্বংসী অগ্নিকাণ্ড। খায়েৰপুৰ আৰক্ষী শিবিৰত হঠাতে সুত্ৰপাত হোৱা অগ্নিকাণ্ডত শিৱিৰৰ কে’বাটাও আৱাস গৃহ ভস্মীভূত হয়। ফলত জুইত জাহ যায় আৰক্ষী জোৱানৰ অস্ত্র-শস্ত্রসহ সহ বিভিন্ন সামগ্রী ৷ আনকি অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত দুখনকৈ মটৰ চাইকেল ৷

আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অহৰত চেষ্টাৰ ফলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ শ্বৰ্ট চাকিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ অগ্নি নিৰ্বাপক বাহিনীৰ।

Exit mobile version