Kampur Old Bridge:নগাঁৱৰ কামপুৰৰ কংক্ৰিটৰ দলঙত ফাঁট

২০ কোটি টকা উদৰস্থ !

WhatsApp Image 2026 01 27 at 2.26.44 PM

Kampur Old Bridge:

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কামপুৰ কপিলী নদীৰ ওপৰত থকা পুৰণি দলংখন বিধায়কৰ শ্রুতলিপিত মেৰামতিৰ নামত অসম চৰকাৰে প্রায় ২০ কোটি টকা অনুমোদন দিছিল; কিন্তু ২০ কোটি টকা ব্যয়ৰে নির্মাণ কৰা পুৰণি কপিলী দলংখনত এতিয়া দেখিবলৈ পোৱা গৈছে ফাঁট। ইমান বৃহৎ ধনৰাশিৰে মেৰামতি কৰা পুৰণি কপিলী দলংখনত কেৱল চূণ-তেল, কার্পেটিং আৰু কেইটামান লাইট লগাই থোৱাহে পৰিলক্ষিত হৈছে।

উল্লিখিত কপিলী দলঙৰ নামত অসম চৰকাৰে অনুমোদন কৰা এই ২০ কোটি টকা অনুমোদনৰ পাছতে বাতৰি কাকতত বিজ্ঞাপন প্রকাশিত হৈছিল যদিও নৱনির্মিত দলংখন ২২ কোটিহে খৰচ হৈছিল।

কামপুৰৰ পুৰণি কপিলী দলঙৰ নামত অনুমোদন হোৱা প্রায় ২০ কোটি টকাৰ ভিতৰত কিমান টকা খৰচ হ’ল তাক লৈ সচেতন মহলত বহু প্ৰশ্নৰ উদয় হৈছে। কাৰ আশীর্বাদত এই ২০ কোটি টকাৰ সিংহভাগ কোন কোন বৰমূৰীয়াৰ পকেটত সোমালে তাকে লৈ চর্চা চলিছে। শূন্য সহনশীলতা আৰু দুর্নীতিমুক্ত অসম গঢ়াৰ কথা কোৱা মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ইয়াৰ ওপৰত কি ব্যবস্থা গ্রহণ কৰিব, সেয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version