দোকানত সামান্য সামগ্ৰী কিনিবলৈ লাগে ৫০ বা ১০০ টকাৰ খুচুৰা। কিন্তু এটিএমৰ পৰা ওলাইছে প্ৰায় কেৱল ৫০০ টকাৰ নোট। ১০০–২০০ টকাৰ নোটৰ অভাৱত গ্ৰাহক আৰু ব্যৱসায়ী দুয়োয়ে প্ৰায়েই সমস্যাত পৰে। ইউপিআইৰ প্ৰচলনৰ সময়তো এই খুচৰো সংকট এতিয়াও বহু ঠাইত অব্যাহত।
এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে এইবাৰ বিশেষ ব্যৱস্থা লোৱাৰ কথা ভাবিছে কেন্দ্ৰীয় চৰকাৰে। সৰু মূল্যৰ বেংক নোট সহজে উপলব্ধ কৰাৰ লক্ষ্যৰে নতুন ধৰণৰ এটিএম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে, যাক কোৱা হৈছে—‘হাইব্ৰিড এটিএম’।
এই হাইব্ৰিড এটিএমৰ জৰিয়তে—
১০, ২০ আৰু ৫০ টকাৰ নোট সহজে উলিওৱাব পৰা যাব
ডাঙৰ মূল্যৰ নোট জমা দিলে, সেই নোট খুচুৰা কৰি এটিএমতেই উভতাই দিয়া হ’ব।
অৰ্থাৎ, একেটা মেছিনতেই সৰু নোট পোৱা আৰু খুচুৰা কৰা—দুয়ো সুবিধা থাকিব। এই ব্যৱস্থা কাৰ্যকৰী হ’লে দেশজুৰি খুচুৰা সমস্যাৰ সমাধান বহুখিনি হ’ব বুলি আশা কৰা হৈছে।
ৰিজাৰ্ভ বেংকৰ সূত্র উদ্ধৃত কৰি এক সর্বভাৰতীয় সংবাদমাধ্যমে জনাইছে যে, মুম্বাইত ইতিমধ্যে এই হাইব্ৰিড এটিএমৰ পাইলট প্ৰজেক্ট আৰম্ভ হৈছে। পাইলট প্ৰজেক্ট সফল হ’লে পৰ্যায়ক্ৰমে দেশজুৰি এই এটিএম আৰম্ভ কৰা হ’ব।
প্ৰথম পৰ্যায়ত ডাঙৰ চহৰৰ ব্যস্ত বজাৰ এলাকা, বাছষ্টপ আৰু জনবহুল ৰেল ষ্টেচনৰ আশেপাশে এই এটিএমসমূহ স্থাপন কৰাৰ পৰিকল্পনা আছে। পিছলৈ দেশৰ অন্যান্য অংশতো এই ব্যৱস্থা প্ৰসাৰিত কৰা হ’ব।
আৰবিআই সূত্রৰ মতে, বৰ্তমান দেশত থকা নগদ টকাৰ বেছিভাগেই ৫০০ টকাৰ নোট। তুলনামূলকভাৱে ১০০ আৰু ২০০ টকাৰ নোট কম, আৰু ১০, ২০, ৫০ টকাৰ নোটৰ সংখ্যা একেবাৰে কম। সেইবাবে আগন্তুক দিনত সৰু মূল্যৰ নোটৰ ছপা বৃদ্ধি কৰিব পাৰে ৰিজাৰ্ভ বেংকে।
