দ্বিতীয়বাৰ লেণ্ডিংৰ চেষ্টা, তাৰ পিছতেই ভয়ংকৰ দুৰ্ঘটনা 

IMG 20260128 163308

আজি পুৱা বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাৰ সন্মুখীন হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পৱাৰক লৈ যোৱা এখন ব্যক্তিগত চাৰ্টাৰ্ড বিমান ।

ফ্লাইটৰেডাৰ (Flightradar)ৰ তথ্য মতে, বম্বাৰ্ডিয়াৰ লিয়াৰজেট ৪৫ বিমানখন পুৱা ৮:১০ বজাত মুম্বাইৰ পৰা উৰা মাৰে।উল্লেখ্য যে, প্ৰথমবাৰ অৱতৰণৰ চেষ্টা চলাই যদিও, দৃশ্যমানতা কম থকাৰ বাবে লেণ্ডিং বাতিল কৰিবলগীয়া হয়।

পাছত পুৱা ৮:৪২ বজাত দ্বিতীয়বাৰ লেণ্ডিংৰ চেষ্টা কৰা হয়। তাৰ কিছুক্ষণ পিছতেই, প্ৰায় ৮:৪৫ বজাত ৰাডাৰৰ পৰা বিমানখন উৰা মাৰে। প্ৰাথমিক তথ্য অনুসৰি, ৰানৱে ১১-ৰ প্ৰান্তত স্কিড কৰি বিমানখন আহে আৰু তাতেই বিমনখনত জুই লাগে।

প্ৰত্যক্ষদৰ্শীৰ মতে, মাটিত আঘাত লাগি বিমানখন বিস্ফোৰণ হৈ জুইলৈ পৰিণত হয়। ঘটনাস্থলীত ধোঁৱা আৰু লেলিহান শিখাই চাৰিওফালে আতংক সৃষ্টি কৰে।

ডিজিচিএৰ পৰা এতিয়ালৈকে পূৰ্ণাঙ্গ তদন্ত প্ৰতিবেদন প্ৰকাশ পোৱা নাই যদিও, বিমান সংস্থাৰ দাবী—দৃশ্যমানতা কম থকাৰ বাবেই এই দুৰ্ঘটনা।

ঘটনাক কেন্দ্ৰ কৰি টেবিলটপ ৰানৱে আৰু সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উঠিছে।

Exit mobile version