মহাপ্রলয়ত পৃথিৱী ধ্বংস হ’লে বাচিবলৈ কি কৰিব আপুনি

বাংকাৰ নিৰ্মাণ কৰাইছে জুকাৰবাৰ্গসহ বহু অতি ধনাঢ্যইঃ কৃত্রিম বুদ্ধিমত্তায়ো মানৱ সভ্যতাক ধ্বংস কৰাৰ আশংকা

Luxury Preppers

মহাপ্রলয় বা তেনে কাৰণত পৃথিৱীৰ বহু প্রাচীন সভ্যতা ধ্বংস হ’ল। গতিকে মহাপ্রলয়ৰ ধাৰণাক বহুতে অমূলক বুলি ধৰি ল’লেও বিশ্বৰ অতি ধনাঢ্যসকলে তেনেদৰে নাভাবে। সাম্প্রতিক সময়ত মহাপ্রলয়ৰ মাজত পৰমাণু যুদ্ধকো সামৰি ল’ব পাৰি। কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ নাগাশ্বাকি আৰু হিৰোশ্বিমাক পৰমাণু বোমাই সম্পূৰ্ণৰূপে মৰিশালিলৈ ৰূপান্তৰিত কৰিছিল।

সেয়া যিয়েই নহওক প্রাকৃতিকভাবে সৃষ্ট বা মহাপ্রলয় বা পৰমাণু যুদ্ধ হ’লে প্ৰাণৰক্ষা কৰিবলৈ মার্ক জুকাৰবাৰ্গ, ট’ম ক্রুজ আদিয়ে ভূগর্ভস্থ বাংকাৰ নিৰ্মাণ কৰাইছে। এই অতি ধনাঢ্যসকল হৈছে ছিলিকন ভেলীৰ ৰথি-মহাৰথী। লাখ লাখ কোটি টকাৰ গৰাকী এইসকলে মহাপ্রলয় অথবা পৰমাণু যুদ্ধৰ সময়ত প্ৰাণৰক্ষা কৰিবলৈ ভূগর্ভত কেতবোৰ বাংকাৰ নিৰ্মাণ কৰাইছে।

এই অতি ধনাঢ্যসকলৰ মাজত অপেন এআইৰ প্ৰতিষ্ঠাপক ছেম অল্ডমান, বিল গেটছ, অপ্রাহ উইনফ্রে, ৰিচাৰ্ড ব্রেনছন আদিও আছে। উল্লেখ্য যে বিশ্বৰ বহু শীর্ষস্থানীয় কম্পিউটাৰ বিজ্ঞানী আৰু প্রযুক্তিবিদে দীর্ঘদিন ধৰি আশংকা কৰি আহিছে যে কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ ওপৰত অতিৰিক্ত নিৰ্ভৰতাই পৃথিৱীত সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব।

এই অস্থিৰতাই মূৰকত ত পৃথিৱীক ধ্বংস কৰাৰ আশংকা আছে। গতিকে প্ৰখৰ মস্তিষ্কৰ গৰাকী মার্কিন ধনাঢ্য প্রযুক্তিবিদসকলে আগতীয়াকৈ ভূগর্ভস্থ বাংকাৰ তৈয়াৰ কৰিছে। কেৱল এই অতি চহকীসকলেই নহয়, বহু সাধাৰণ মার্কিন নাগৰিকেও মহাপ্রলয়ৰ সম্মুখীন হ’বলৈ আগতীয়া প্রস্তুতি চলাইছে। এনে অৱস্থাতে পোহৰলৈ অহা তথ্য অনুসৰি ফে’চবুকৰ প্রতিষ্ঠাপক জুকাৰবার্গে ১০ কোটি ডলাৰ অৰ্থাৎ নশ কোটি টকা ব্যয়ৰে এটা বিশাল চৌহদ নির্মাণ কৰাইছে।

এই বিশাল চৌহদতে এটা বৃহৎ বাংকাৰ আছে। সূত্ৰৰ মতে জুকাৰবার্গে হাৱাইদ্বীপত এই প্রাসাদোপম মহাপ্রলয় বাংকাৰ নিৰ্মাণ কৰাইছে। হাৱাইদ্বীপৰ উত্তৰ-পূবৰ কাপা আৰু হানেলাইৰ মাজত ওখ প্ৰাচীৰৰ মাজত তেওঁৰ এই বাংকাৰ অৱস্থিত। এই চৌহদে ১৪শ একৰ ভূমি আগুৰি আছে। এই প্রাসাদোপম অট্টালিকাৰ চৌহদ গছ-গছনিয়েও ঘেৰাও কৰি আছে। এই গছ-গছনিৰ তলত ভূগর্ভত পাঁচ হেজাৰ বৰ্গমিটাৰ জোখৰ বাংকাৰ নিৰ্মাণ কৰাইছে উদ্যোগপতিজনে।

এই বাংকাৰত দীর্ঘদিন ধৰি বাস কৰিব পৰাকৈ একাধিক ঘৰ আছে। তদুপৰি সুকীয়াকৈ আছে এটা যন্ত্রপাতিৰ ঘৰো।তদুপৰি জুকাৰবাৰ্গে কেলিফ’ৰ্ণিয়াৰ ক্ৰিছেণ্ট পার্ক অঞ্চলতো ১১ কোটি ডলাৰ ব্যয় কৰি ১১ স্থানত ভূ-সম্পত্তি ক্রয় কৰি ৰাখিছে। এই অঞ্চলতো তেওঁ সাত হেজাৰ বৰ্গফুটৰ এটা ভূগর্ভস্থ বাংকাৰ নিৰ্মাণ কৰোৱা বুলি সূত্রই জনায়।

প্রতিবেশীসকলে এই বাংকাৰক ধনকুবেৰৰ গুহা বুলি আখ্যা দিছে। উল্লেখ্য যে বাংকাৰ নিৰ্মাণৰ বাবে নিউজিলেণ্ড বিশ্বজুৰি খ্যাত। নিউজিলেণ্ডত শেহতীয়াভাবে ছেম অল্টমানে এটা ভূগর্ভস্থ বাংকাৰ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে। একে পথেই অৱলম্বন কৰিছে আন বহু মার্কিন প্রযুক্তিবিদ তথা উদ্যোগপতিয়ে।

Exit mobile version