Accident:
দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্রাণ হেৰুৱালে ২ স্কুটী আৰোহীয়ে ৷ দক্ষিণ কামৰূপৰ বকো-জোঙাখুলী পথত দ্ৰুতগতিত গৈ থকা এখন স্কুটীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা শালগছত খুন্দা মাৰে ৷ ফলত স্কুটী খনৰ দুই আৰোহী থিতাতে মৃত্যু হয় ৷ দুই স্কুটী আৰোহীৰ এজনক দীপাংকৰ ৰাভা বুলি চিনাক্ত কৰা হয় ৷ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
