Barpeta Incident:
মঙলবাৰে বিয়লি বৰপেটাৰ চেঙাৰ ৰহমপুৰত ব্রহ্মপুত্ৰত নাও ডুবি নিখোঁজ হোৱা ৭ যাত্রীৰ আজিও সন্ধানহীন। সন্ধানহীন হোৱা পাঁচ বছৰীয়া আৰিয়ান আলী, ছবছৰীয়া আমিনা খাতুন , ছবছৰীয়া ৰুহুল আমিন সহ দুই প্রাপ্তবয়স্ক জুলুফা য়াছমিন মধু মিঞা, শুকুৰজান নেছাৰ মৃতদেহ বিচাৰি মঙলবাৰে এছডিআৰএফে অভিযান চলাইছিল যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ আজি পুনৰ পুৱাৰে পৰা সন্ধানহীন লোক কেইজনৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান ৷
উল্লেখ্য যে অসমত নাগৰিকৰ সুৰক্ষা বিষয়ক নীতি-নির্দেশনাবোৰ নে?’ ৰাইজক ভালৰি লগাবলৈ চৰকাৰে কেৱল ঘোষণাহে কৰে। সেইবোৰ কাৰ্যকৰী কৰাটো ঘোষণা পৰ্যায়তে অন্ত পৰে। তাৰ পৰিণতিতে একে ধৰণৰ ভয়াৱহ ঘটনা ৰাজ্যত বাৰম্বাৰ সংঘটিত হৈ আহিছে। বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল ভয়াৱহ নাও দুর্ঘটনাটো তাৰেই পৰিণতি। ৰাজ্যৰ জলপথত সঘনে নাও দুর্ঘটনা সংঘটিত হৈ আহিছে। উল্লেখ্য যে বিগত ২০১২ত ধুবুৰীৰ মেদাৰটাৰীত সংঘটিত শোকাৱহ নাও দুর্ঘটনাৰ পাছত তদানীন্তন ৰাজ্য চৰকাৰে জল পৰিবহণৰ ক্ষেত্ৰত বিভিন্ন নীতি-নির্দেশনা ধাৰ্য কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ৰাজ্যত চৰকাৰ সলনি হয় আৰু সেই চৰকাৰেও এনে নীতি-নিয়মেই আওৰায়।
অসমত নদী পথেৰে যাতায়াত বৃহৎ পৰিসৰত চলি আহিছে। বিশেষকৈ পশ্চিম অসমৰ জিলাকেইখনত ব্ৰহ্মপুত্ৰৰ বুকুত থকা শ শ চৰাঞ্চলৰ মাজত নাৱৰেই যাতায়াত চলি আহিছে। এই যাতায়াত ব্যৱস্থাত চৰকাৰী সুৰক্ষামূলক নীতি-নিদের্শনাবোৰ ধোঁৱাচাঙত উঠি আহিছে। শিশু-মহিলাসহ ছজন লোক সন্ধানহীন হোৱা ঘটনাটো ইয়াৰেই পৰিণতি।
উল্লেখ্য যে বৰপেটা জিলাৰ দক্ষিণ প্রান্তৰে বৈ যোৱা চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহমপুৰৰ পৰা বৰঘলা নামৰ চৰলৈ এখন টুলুঙা নাৱৰে শিশু-মহিলাসহ ৩২ জন যাত্রীয়ে যাত্রা কৰিছিল। বিশাল ব্ৰহ্মপুত্ৰৰে নাওখন ৰহমপুৰৰ পাৰঘাটৰ পৰা চৰটোলৈ গৈ থকা অৱস্থাতে নদীৰ পকনীয়াত পৰি নাওখন থিয়ে থিয়ে পানীত বুৰ যায়। এই ঘটনাতেই চাৰিটি শিশুসহ ছজন যাত্রী সন্ধানহীন হয়।
বাকীসকলে সাঁতুৰি যিকোনো প্ৰকাৰে নিজক ৰক্ষা কৰিবলৈ সক্ষম হয়। এই দুর্ঘটনা প্রত্যক্ষ কৰিছিল ব্ৰহ্মপুত্ৰৰ এটা চৰৰ পৰা বনভোজ খাই ৰহমপুৰলৈ উভতি অহা আন এখন নাৱৰ যাত্ৰীয়ে। যি স্থানত দুর্ঘটনাটো সংঘটিত হয়, তাত পানীৰ সোঁতৰ তীব্রতা যথেষ্ট বেছি। গতিকে ঘটনাটো প্রত্যক্ষ কৰিও সেই নাওখনৰ যাত্ৰীসকলে দুর্ঘটনাত পতিতসকলক প্রয়োজন অনুসাৰে সহায় কৰিব নোৱাৰিলে। নামমাত্র কেইজনমানহে নিজৰ জীৱনক তুচ্ছ কৰি দুৰ্গতক উদ্ধাৰ কৰিবলৈ পানীত জাঁপ দিয়ে। এনেদৰে এটা সময়ত ইজনৰ পাছত সিজন লোক সমীপৰ চৰটোৰ পাৰত উঠিবলৈ সক্ষম হয়। তেতিয়াহে তেওঁলোকে গম পায় যে একেলগে যোৱা চাৰিটি শিশু আৰু এগৰাকী মহিলাসহ ছজন লোক পাৰত উঠিব নোৱাৰিলে। ৰহমপুৰলৈ ওভতা নাওখনৰ যাত্ৰীসকলৰ জৰিয়তেহে আন লোকে দুর্ঘটনাৰ বিষয়ে অৱগত হয়। এই খবৰ লাভ কৰি মাছমৰীয়া আৰু আন একাংশ এয়া লোকে উদ্ধাৰ কাৰ্যত জঁপিয়াই পৰে; কিন্তু তেওঁলোকে সন্ধানহীন কেইজনৰ শুংসূত্র নাপালে। আনহাতে, বুৰ যোৱা নাওখনৰো সন্ধান উলিওৱাত তেওঁলোক ব্যর্থ হয়।
ইপিনে, অঞ্চলটো যথেষ্ট ভিতৰুৱা হোৱা বাবে উদ্ধাৰকাৰী দলো ( স্থানত উপস্থিত হোৱাত পলম হয়। অৱশ্যে কেইঘণ্টামানৰ ভিতৰ এছডিআৰএফৰ দল আৰু বৰপেটা জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ দল ৰহমপু ৰত উপস্থিত হয় আৰু নাৱৰ জৰিয়তে সন্ধানহীনসকলৰ উদ্ধাৰ অভিযানত নামে। অৱশ্যে সন্ধিয়া হোৱাত উদ্ধাৰ কাৰ্য বন্ধ ৰখা হয়।
আনহাতে বৰপেটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া জ্যোতির্ময় চৌধুৰীয়ে সদৰী কৰা অনুসৰি, সন্ধানহীনসকল হ’ল মধু মিঞা (৬০), শুকুৰজান নেছা (৪৫), আমিনা নাম পাৰবিন (৮), ৰাহুল আমিন (৭), আৰিয়ান ইছলাম (৪) আৰু জুনুফা য়াছমিন নামি (৫)। ইপিনে, বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰাই জনায় আন যে এই লোকসকলৰ ঘৰ গৰৈমাৰী গাঁও, গৰৈমাৰী পথাৰ আদি অঞ্চলত।




































