CPI:বিৰোধী মিত্ৰজোঁটত বিভাজন !

আসন ভাগ-বাটোৱাৰাত কংগ্ৰেছ পলম কৰাৰ বাবেই অকলে নির্বাচন খেলাৰ সিদ্ধান্ত চিপিএমৰ, ৰাজ্যৰ সাত প্ৰাৰ্থীৰ নাম ঘোষণা সম্পাদক কনক গগৈৰ

WhatsApp Image 2026 01 28 at 3.40.23 PM

CPI:

শাসকীয় বিজেপি মিত্ৰজোঁটক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা বিৰোধী ঐক্য মঞ্চ নিৰ্বাচন পূৰ্বে ঘটিল বিভাজন ৷ নিৰ্বাচনলৈ মাত্ৰ দুটা মাহ থকা অৱস্থাত কংগ্ৰেছে মিত্ৰজোঁটৰ স’তে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত হোহোকাই পিছলাই থকাৰ অভিযোগ কৰি বুধবাৰে চিপিআই দলে অকলে নির্বাচন খেলাৰ সিদ্ধান্ত কথা সদৰি কৰে দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে ৷ দলটোৱে আগন্তুক নিৰ্বাচনত ৰাজ্যৰ আঠ সমষ্টি ক্ৰমে নাজিৰা,শিৱসাগৰ ডিমৌ ,মৰিগাঁও ,গৌৰীপুৰ ,তিতাবৰ আৰু ঢকুৱাখনাত প্ৰতিদ্বন্দ্ব্বীতা আগবঢ়াব। ইতিমধ্যে নাজিৰাত কনক গগৈ,মৰিগাঁৱত তপন ডেকা আৰু ডিমৌত কৃষ্ণ গগৈৰ নাম প্ৰায় চুড়ান্ত হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিত দুজনীয়া-তিনিজনীয়া পেনেলত নাম আহিছে। দুই – এদিনৰ ভিতৰত নাম চুড়ান্ত কৰা হ’ব বুলি উল্লেখ কৰে ৰাজ্যিক সম্পাদক গৰাকীয়ে।

উল্লেখ্য যে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ শতাধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্ব্বীতা আগবঢ়াব বুলি উল্লেখ কৰি আহিছে ৷ আনহাতে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত কংগ্ৰেছে বিলম্ব কৰি অহা বুলি অভিযোগ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছত ৩১জানুৱাৰীৰ ডেট লাইন বান্ধি দিয়ে।৩১জানুৱাৰীৰ ভিতৰত আসন ভাগ-বাটোৱাৰা চুড়ান্ত নকৰিলে ৰাইজৰ দলে ৰাজ্যৰ ৪০ টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ দিয়ে ৷

আনহাতে ৰাইজৰ দলৰ দৰে অসম জাতীয় পৰিষদেওআসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ হোহোকা পিছলা নীতিক লৈ ক্ষুন্ন হৈ পৰিছে ৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও আওপকীয়াকৈ কংগ্ৰেছক বিৰোধী ঐক্যৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি অচিৰেই সময়োচিত পদক্ষেপ ল’বলৈ আহ্বান জনাই।

নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য শক্তিশালী হোৱাৰ পূৰ্বেই চিপিআইয়ে প্ৰথমটো আঘাত হানিছে বিৰোধী ঐক্যক ৷ এনেক্ষেত্ৰত বিৰোধী ঐক্যৰ বাবে আসন ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে সেউজ সংকেত অচিৰেই নিদিলে আন দল সমূহেই নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আশংকা নুই কৰিব নোৱাৰি বুলি মন্তব্য কৰে সচেতন মহলে ৷

Exit mobile version