Riyan Parag:টি-২০ বিশ্বকাপলৈ সাজু থকাৰ নিৰ্দেশ ৰিয়ানক

WhatsApp Image 2026 01 28 at 6.05.19 PM

Riyan Parag:

আঘাতৰ স’তে যুঁজি থকা ৱাশিংটন সুন্দৰে আগন্তুক টি-২০ বিশ্বকাপত খেলাৰ ক্ষেত্রত অনিশ্চয়তাই দেখা দিছে। বিশ্বকাপৰ পূৰ্বে ৱাশ্বিংটন সুস্থ হৈ উঠিব পাৰিব নে নাই, সেই বিষয়ত এতিয়াও নিশ্চিত হোৱা নাই বিচিচিআইৰ চিকিৎসক। বিশ্বকাপৰ প্রাক্ষণত অলৰাউণ্ডাৰজনৰ সুস্থতাৰ পৰীক্ষা লোৱা হ’ব। অন্যথা অন্তিম মুহূর্তত ভাৰতৰ বিশ্বকাপ দলত ৱাশ্বিংটনৰ পৰিৱৰ্তে আন খেলুৱৈক সুযোগ দিব লাগিব।

বিচিচিআইৰ তথ্য অনুসৰি, ৱাম্বিংটনে খেলিব নোৱাৰিলে লেগ স্পীনাৰ ৰবি বিষ্ণইৰ দলত স্থান পোৱাৰ সম্ভাৱনা অধিক। সেইবাবেই নিউ জিলেণ্ডৰ বিপক্ষে তৃতীয় টি-২০ মেচত বৰুণ চক্ৰৱৰ্তীৰ পৰিৱৰ্তে বিষ্ণইক সুযোগ দিয়া হয়। অৱশ্যে বাশ্বিংটন যিহেতু অলৰাউণ্ডাৰ আছিল, সেয়ে বিচিচিআইৰ তৰফৰ পৰা অসমৰ খেলুৱৈ ৰিয়ান পৰাগকো সাজু হৈ থাকিবলৈ কোৱা হৈছে। ইতিমধ্যে বীৰেন্দ্ৰ সেৱাগ, ইৰফান পাঠানৰ দৰে প্ৰাক্তন ক্রিকেটাৰে ৰিয়ানৰ পক্ষত মন্তব্য কৰিছে। ৰিয়ানে বেটৰ সমান্তৰালকৈ বলিঙো কৰিব পাৰে। অৱশ্যে তেওঁ দীর্ঘদিন ভাৰতীয় দলৰ বাহিৰত আছে। সেই দিশৰ পৰা ৰিয়ানৰ পৰিৱৰ্তে বিষ্ণই সম্ভাৱনা বেছি বুলিও সূত্রই কয়।

Exit mobile version