সামৰিক সাজ-সজ্জাত আমূল পৰিবর্তন

ভাৰতক নাম নোলোৱাকৈ স সকিয়নী পাক সেনা সৰ্বাধিনায়কৰ

IMG 20260129 180228

ভৱিষ্যতে শত্রুপক্ষৰ আগ্ৰাসন মোকাবিলা কৰাৰ লক্ষ্যৰে পাকিস্তানী সেনাৰ সামৰিক প্ৰস্তুতিত আমূল পৰিবর্তন আনিবলৈ গৈছে বুলি দাবী কৰিলে পাক সেনাৰ সৰ্বাধিনায়ক ফিল্ড মাৰ্শাল আছিম মুনিৰে।

বৃহস্পতিবাৰে বহাৱালপুৰ সেনা শিবিৰ পৰিদৰ্শনৰ সময়ত তেওঁ ‘অপাৰেচন সিন্দূৰ’ পৰৱৰ্তী সংঘাতৰ উল্লেখ কৰি, ভাৰতক নাম নোলোৱাকৈ কঠোৰ সতৰ্কবাণী দিয়ে।

সেনা শিবিৰত যুদ্ধ প্ৰস্তুতি, প্ৰশিক্ষণ আৰু প্ৰশাসনিক কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি মুনিৰে কয়,“পাকিস্তান সশস্ত্ৰ বাহিনী সকলো ধৰণৰ ভাবুকিৰ বিৰুদ্ধে দেশৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষা কৰিবলৈ সম্পূৰ্ণ সাজু। ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰ আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বাবে সৰ্বোত্তম প্ৰস্তুতি অব্যাহত আছে।”

ভৱিষ্যতৰ যুদ্ধ প্ৰযুক্তিনিৰ্ভৰ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়,
“আগন্তুক সময়ত প্ৰযুক্তিগত কৌশলে শাৰীৰিক সক্ষমতাক স্থানান্তৰিত কৰিব। আক্রমণ আৰু প্ৰতিৰক্ষামূলক অভিযান চলোৱাৰ পদ্ধতিত মৌলিক পৰিবর্তন আহিব। সেইবাবে পাকিস্তান সশস্ত্ৰ বাহিনীয়ে দ্ৰুতগতিত নতুন প্ৰযুক্তি গ্ৰহণ আৰু আত্মস্থ কৰি আছে। উদ্ভাৱন, স্বদেশীকৰণ আৰু অভিযোজন এই প্ৰক্ৰিয়াৰ মূল আধাৰ হৈ থাকিব।”

উল্লেখযোগ্য যে, যোৱা ডিচেম্বৰ মাহত আছিম মুনিৰক পাকিস্তানৰ স্থলবাহিনীৰ প্ৰধানৰ পৰা উন্নীত কৰি সেনা সৰ্বাধিনায়ক পদত নিযুক্ত কৰা হয়। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ চৰকাৰে তেওঁৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই নতুন পদ সৃষ্টি কৰে। ইয়াৰ বাবে পাক সংসদত সংবিধান সংশোধনী বিলো গৃহীত কৰা হয়।

Exit mobile version