Boko:বকোৰ তিনিখন গাঁৱত হাহাকাৰময় পৰিস্থিতি

খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ শিশুসহ ৪৮জন গঞা, চিকিৎসালয়ত ভৰ্তি

WhatsApp Image 2026 01 29 at 2.44.14 PM

Boko:

কামৰূপ জিলাৰ বকোৰ তিনিখন গাঁৱত হাহাকাৰময় পৰিস্থিতি ৷ হঠাতে অসুস্থ হৈ পৰিছে ৰংচেপাৰা,ভোগদাৱাড়ী আৰু জৱেপাৰা প্ৰায় অৰ্ধ শতাধিক গঞা। ইতিমধ্যে শিশু সহ ৪৮ গৰাকীক স্থানীয় হাস্পতালত ভৰ্তি কৰাৰ বিপৰীতে দুজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ততাতৈয়াকৈ ভৰ্তি কৰা হয় জিএমচিএইছত । সৰস্বতী পূজা আৰু বাথৌ পূজাৰ প্ৰসাদ খাই লোক সকল হঠাতে অসুস্থ হৈ পৰাৰ সন্দেহ কৰা হৈছে ।

Exit mobile version