Tragic incident in Rangia:
ৰঙিয়াত সংঘটিত হোৱা কৰুণ ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু মাতৃ-পুত্ৰৰ ৷ কানিকুছিত সংঘটিত হয় শোকাৱহ ঘটনাটি। নিজ বাসগৃহৰ পিছফালে থকা জাৱৰৰ দম পেট্ৰল ঢালি জ্বলাইছিল মোজাক্কিৰ হুছেইনে ৷ তাৰ পাছতে অকস্মাৎ মোজাক্কিৰৰ গাত লাগে জুই । পুত্ৰক ৰক্ষা কৰিবলৈ মাতৃ ৰীতামণি চৌধুৰী যাওঁতে দুয়ো অগ্নিদগ্ধ হয় ৷ মাতৃ-পুত্ৰক সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে জিএমচিএইছলৈ লৈ যায় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে দুয়োয়ে ৷ মাতৃ- পুত্ৰৰ কৰুণ মৃত্যুত শোকাহত হৈ পৰে সমগ্ৰ ৰঙিয়া ৷
ADVERTISEMENT




































