Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

৩ ফেব্ৰুৱাৰীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত সভাত প্ৰদান কৰা হ'ব বঁটাটি

WhatsApp Image 2026 01 29 at 3.35.44 PM

Upendra Nath Brahma Award:

চুবুৰীয়া হিমালয়ান দেশ ভূটানৰ ৰাণী জেটছুন প্ৰেমাৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ আগবঢ়োৱা হৈছে উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা ৷

ভূটানী ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ শাহুৱেক আশী দর্জী ৱাংমো ৱাংচুকক সমাজ কল্যাণ, গ্রামীণ উন্নয়ন আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত থকা বিশেষ অৱদানৰ বাবে আগবঢ়োৱা হয় এই সন্মান ৷

৩ ফেব্ৰুৱাৰীত কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানত আশী দর্জী ৱাংমো ৱাংচুকৰ হাতত প্ৰদান কৰা হ’ব উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাটি। অনুষ্ঠানত বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰী সহ কে’বা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব

Exit mobile version