UPPL:বিধানসভা নিৰ্বাচনত অকলেই নিৰ্বাচন খেলাৰ সম্ভাৱনা ইউপিপিএলৰ

মুছলপুৰত ইউপিপিএলৰ চতুৰ্থ ত্রিবার্ষিক অধিৱেশনত ল'ব চুড়ান্ত সিদ্ধান্ত

WhatsApp Image 2026 01 29 at 4.35.16 PM

UPPL:

বিটিচি নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা বিজেপি মিত্ৰজোঁটৰ পৰা ক্ৰমাৎ এলাগী হৈ পৰা প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল আসন্ন নির্বাচনত ‘একলা চলো’ নীতি গ্ৰহণৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

বিটিচি নিৰ্বাচন সম্পন্ন হোৱাৰ পিছত বিজেপিৰ বৰঘৰৰ আপোন হৈ পৰা হাগ্ৰামা মহিলাৰ বিপিএফৰ স’তে ইতিমধ্যে আসন ভাগ বাটোৱাৰা বাবে তৎপৰ ৰাজ্যিক বিজেপি ৷ বিপিএফ বৰ্তমান এনডিএৰ অন্যতম পাটনাৰ ৷ সেই সূত্ৰে বিজেপি আৰু বিপিএফে আসন ভাগ বাটোৱাৰা বিষয়টো ফেব্ৰুৱাৰীৰ মধ্যভাগত সম্পন্ন কৰাটো বিচাৰিছে ৷

বিজেপি আৰু বিপিএফৰ মধুচন্দ্ৰিকাৰ বিপৰীতে ক্ৰমাৎ এলাগী হৈ পৰা ইউপিপিএল এনডিএ মিত্ৰ হৈয়ো আগন্তুক নিৰ্বাচনত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। শুকুৰবাৰৰ পৰা মুছলপুৰত দলটোৰ চতুৰ্থ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হ’ব । এই অধিৱেশনতে মিত্রতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব দলটোৱে। একেদৰে আসন্ন নিৰ্বাচনৰ প্রস্তুতিক লৈ কৰিব পৰ্যালোচনা। এনেক্ষেত্ৰত মুছলপুৰ অধিৱেশনে নিৰ্ণয় কৰিব ইউপিপিএল এনডিএৰ অংশীদাৰ হৈ থাকিবনে নাই ৷

Exit mobile version