চাকৰিৰ মেলাই বদলাইছে নিবনুৱাৰ ছবি, ৩.২ শতাংশলৈ নামিল নিবনুৱা হাৰ

IMG 20260130 115558

দেশজুৰি অনুষ্ঠিত হোৱা প্ৰায় ১৮ হেজাৰ চাকৰিৰ মেলাৰ জৰিয়তে দুই কোটি ২২ লাখ লোকে চাকৰি লাভ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যসভাত এই তথ্য সদৰী কৰে কেন্দ্ৰীয় শ্ৰম আৰু কৰ্মসংস্থান মন্ত্ৰী মনসুখ মাণ্ডবীয়ই।

তেওঁ লগতে দাবী কৰে— দেশত নিবনুৱা হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে।

মন্ত্ৰীৰ মতে, কৰ্মসংস্থান বৃদ্ধি পোৱাৰ ফলত বৰ্তমান দেশত নিবনুৱা হাৰ ৩.২ শতাংশলৈ নামি আহিছে, যি বহু উন্নত দেশৰ তুলনাতো কম।

নিবনুৱা হ্ৰাসৰ লক্ষ্যৰে চৰকাৰে ‘নেছনেল কেৰিয়াৰ ছাৰ্ভিছ’ নামৰ এটা বিশেষ প’ৰ্টেলো আৰম্ভ কৰিছে।

এই প’ৰ্টেলত একে ঠাইতে উপলব্ধ হৈছে প্ৰশিক্ষণ আৰু চাকৰিসংক্রান্ত সকলো তথ্য। দেশৰ সকলো ৰাজ্য চৰকাৰৰ প’ৰ্টেলৰ লগতে ৫৫ লাক্ষৰো অধিক বেচৰকাৰী প্ৰতিষ্ঠান এই ব্যৱস্থাৰ স’তে সংযুক্ত।

মন্ত্ৰীৰ দাবী অনুসৰি, যোৱা ১০ বছৰত ছয় কোটিতকৈ অধিক যুৱ-যুৱতীয়ে এই প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছে।

গিগ কৰ্মীসকলৰ প্ৰসংগত মন্ত্ৰীয়ে জানিবলৈ দিয়ে যে নতুন শ্ৰম আইন অনুসৰি প্ৰায় দুই কোটি গিগ কৰ্মীক সামাজিক আৰু স্বাস্থ্য সুৰক্ষাৰ আওতালৈ অনা হৈছে।

Exit mobile version