Bangaluru:
বহি:ৰাজ্যত ৰহস্যজনকভাৱে মৃত্যু অসমৰ ৪ যুৱকৰ ৷ কৰ্মসূত্ৰে চাৰিওজনে বাংগালোৰত কোকোকোলা কোম্পানীত কৰ্মৰত হৈ আছিল ৷ কিন্ত একেটা কোঠাতে শুই থকা অৱস্থাত উদ্ধাৰ হয় চাৰিজনৰে নিথৰ দেহ ৷ মৃত যুৱক কেইজনৰ নাম জনঞ্চয় টাইড, দেক্টৰ টাইড আৰু নৰেন্দ্ৰ টাইড ৷ এজন যুৱকৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷ চাৰিওজনৰে তিনিজনৰ ঘৰ ঢকুৱাখানাৰ বৰ্ষাপাৰাত হোৱাৰ বিপৰীতে এজনৰ ঘৰ শালমৰাত ৷
সদাব্যস্ত বাংগালুৰুত একেটা কোঠাত চাৰি অসমৰ যুৱকৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ এই পৰ্যন্ত নিশ্চিত হোৱা নাই মৃত্যুৰ কাৰণ I আনহাতে ঘটনাৰ খবৰ লাভ কৰি বাংগালুৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
