China:
২০১২ত চীনৰ কমিউনিষ্ট পাৰ্টিৰ মহাসচিব নিযুক্ত হৈ দেশখনৰ ক্ষমতা লাভৰ পাছৰে পৰা জি জিনপিং চীনৰ অন্যতম এজন শক্তিশালী নেতা হিচাপে পৰিচিত হৈ আহিছে। সেই সময়তে ম্যানমাৰৰ এক অতি প্ৰভাৱশালী পৰিয়ালে জিনপিঙক প্রত্যাহ্বান জনাইছিল। ম্যানমাৰৰ মিং পৰিয়াল জিনপিঙৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছিল। ২০২৫ত চীনৰ এখন আদালতে মিং পৰিয়ালৰ ৩৯ সদস্যক শাস্তিৰ ৰায় দিছিল।
পৰিয়ালটোৰ ১৬ জনক আদালতে মৃত্যুদণ্ডৰ ৰায় দিছিল। চলিত মাহতে মিং পৰিয়ালৰ ১১ জন সদস্যক একেলগে চীনত মৃত্যুদণ্ড বিহাৰ বাতৰি সম্প্রতি পোহৰলৈ আহিছে। চীনে ফাঁচি দিয়া মিং পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে প্ৰৱঞ্চনা, ড্ৰাগছ সৰবৰাহ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপন হৈছিল। চীনে কেইদিনমান পূর্বে অতি গোপনে মিং পৰিয়ালৰ ১১ জন সদস্যক একেলগে ফাঁচি দিলে।
