Me-dam-me-phi Celebration in Guwahati:
আজি ৰাজ্যজুৰি উদযাপিত হয় মে-ডাম-মে-ফী ৷ ৬০০ বছৰীয়া ৰাজত্বকালত গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছিল আহোম স্বৰ্গদেউসকলে ৷ স্বৰ্গদেউ সকলক সোঁৱৰণৰে পৰম্পৰা ৰক্ষা কৰি আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীৰ হাতীগাঁৱৰ নটবমাস্থিত আহোম কালছাৰেল ছ’চাইটিৰ ক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ বিশেষ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷
কেন্দ্ৰীয় বৈদেশিক আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰচেষ্টাত আৰু আহোম কালছাৰেল ছ’চাইটিৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ দ্বাৰা সম্পূৰ্ণ হৈ উঠা চাওলুং ছ্যুকাফাৰ এটা প্ৰতিমূৰ্তি মুকলি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় ,সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়,বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাই কেৱল এখন ৰাজ্যই প্ৰতিষ্ঠা কৰা নাছিল, তেওঁ বিৰল ৰাজনৈতিক দূৰদৰ্শিতাৰে বিভিন্ন জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে সমন্বয়ৰ ভেটি গঢ়িছিল। তেওঁৰ সেই অপৰিসীম ত্যাগ আৰু সমন্বয়ৰ আদৰ্শই আজিও আমাক এক শক্তিশালী আৰু সমৃদ্ধ অসম গঢ়াৰ প্ৰেৰণা যোগায়।
পূৰ্বপুৰুষসকলক স্মৰণ কৰি দেশ আৰু দহৰ মংগলৰ বাবে আশীৰ্বাদ কামনাৰ ‘মে-ডাম-মে-ফী’ৰ এই বিশেষ দিনটোতে আজি গুৱাহাটীৰ নটবমাত বৰ অসমৰ খনিকৰ স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ এক বিশাল আৰু নৱনিৰ্মিত প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ সৌভাগ্য লভি কৃতাৰ্থ হওঁ।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,কেন্দ্ৰীয় মে-ডাম-মে-ফী আয়োজক সমিতিৰ সভাপতি নিতুল গগৈ সহ কে’বা গৰাকী বিশিষ্ট টাই পণ্ডিত।