পাকিস্তানত ৰাজনৈতিক উত্তেজনা, ইমৰান খানৰ দলৰ ১৮০ নেতা-কর্মী গ্ৰেপ্তাৰ!

1770014165 imran lead

পাকিস্তানত পুনৰ ৰাজনৈতিক উত্তেজনা। এটা নিশাৰ ভিতৰতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)-ৰ প্ৰায় ১৮০ জন নেতা-কর্মীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে দলটোৱে।

দেওবাৰে কৰাচি সহ সিন্ধ প্ৰদেশৰ বিভিন্ন স্থানত পাকিস্তানী আৰক্ষীয়ে অভিযান চলাই এই আটক কৰে।

তথ্য অনুসৰি, আগন্তুক সপ্তাহত কৰাচিত অনুষ্ঠিত হ’বলগীয়া বিক্ষোভ কাৰ্যসূচী আগতেই ব্যৰ্থ কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। দলটোৰ মতে, বিতৰ্কিত ‘আইন-শৃঙ্খলা ৰক্ষা অধ্যাদেশ’-ৰ আওতাত বিনা অভিযোগে নেতা-কর্মীসকলক আটক কৰা হৈছে।

উল্লেখযোগ্য যে, এই অধ্যাদেশক লৈ পাকিস্তানত আগৰ পৰাই তীব্ৰ বিতৰ্ক চলি আহিছে। এই আইনৰ অধীনত আৰক্ষীয়ে কাৰণ নেদেখুৱাকৈ কোনো ব্যক্তিক নিৰ্দিষ্ট সময়ৰ বাবে আটক কৰিব পাৰে। অতীততো এই আইনৰ ৰাজনৈতিক অপব্যৱহাৰৰ বহু অভিযোগ উঠিছে।

সোমবাৰে পিটিআইয়ে জানিবলৈ দিয়ে যে, সিন্ধ প্ৰদেশৰ আৰক্ষীয়ে ভোৰবেলাত দলীয় নেতা-কর্মীৰ বাসগৃহত অভিযান চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে। দলটোৰ দাবী অনুসৰি, প্ৰাদেশিক চৰকাৰে তেওঁলোকক এক মাহৰ বাবে বন্দী কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পিটিআইৰ মতে, এইয়া সম্পূৰ্ণৰূপে ৰাজনৈতিক প্ৰতিহিংসাৰ ফল।

অৱশ্যে সিন্ধ প্ৰদেশৰ চৰকাৰে পিটিআইৰ এই সকলো অভিযোগ নস্যাৎ কৰিছে। প্ৰাদেশিক মন্ত্ৰী ছাৰজিল মেমনেই স্পষ্টকৈ কৈছে যে, আইন-শৃঙ্খলা ৰক্ষা অধ্যাদেশৰ আওতাত কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। তেওঁৰ মতে, পিটিআইয়ে ৰাজনৈতিক উত্তেজনা সৃষ্টি কৰিবলৈ ভিত্তিহীন অভিযোগ তুলিছে।

এই ঘটনাই পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতিক পুনৰ অস্থিৰ কৰি তুলিছে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

Exit mobile version