বিশ্ব অৰ্থনীতিৰ কেন্দ্ৰ সলনি! আমেৰিকাক পিছ পেলাই দ্বিতীয় স্থানত ভাৰত

IMG 20260202 132042

বিশ্ব অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আমেৰিকাক অতিক্ৰম কৰি ভাৰত এতিয়া দ্বিতীয় স্থানলৈ উন্নীত হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)-ৰ শেহতীয়া প্ৰতিবেদন প্ৰকাশ কৰি ধনাঢ্য ব্যক্তি এলন মাস্কে মন্তব্য কৰে,“বিশ্বত ক্ষমতাৰ ভাৰসাম্য সলনি হৈছে।”

এই মন্তব্যক ভিত্তি কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিৰোধী শিবিৰক কটাক্ষ কৰি কয়, “ভাৰত আজিৰ দিনত অৰ্থনৈতিকভাৱে কিমান শক্তিশালী হৈছে, সেয়া বিৰোধীয়েও বুজা উচিত।”

সোমবাৰে সংসদত IMFৰ প্ৰতিবেদন উল্লেখ কৰি সীতাৰমণে কয়, বিশ্বৰ মুঠ অৰ্থনৈতিক বিকাশত চিনৰ অংশীদাৰিত্ব ২৬ শতাংশ, আনহাতে দ্বিতীয় স্থানত থকা ভাৰতৰ অংশীদাৰিত্ব ১৭ শতাংশ।

অৰ্থাৎ বিশ্ব অৰ্থনীতিত চিন আৰু ভাৰত মিলি মুঠ ৪৩ শতাংশ অৱদান আগবঢ়াইছে। তেওঁৰ মন্তব্য,“সংখ্যাৰ ব্যৱধান থাকিলেও ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। অচিৰেই আমি শীৰ্ষস্থানলৈ যাব পাৰিম।এই আত্মবিশ্বাস থাকিব লাগিব।”

ইফালে এলন মাস্কৰ মন্তব্য উদ্ধৃত কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী দলনেতা ৰাহুল গান্ধীক লক্ষ্য কৰি কয়, “সমালোচনা কৰা গণতান্ত্ৰিক অধিকাৰ হ’লেও বিদেশত ভাৰতক অপমান কৰা উচিত নহয়। গৌৰৱান্বিত ভাৰতীয় হিচাপে দেশক প্ৰতিনিধিত্ব কৰক।”

IMFৰ ২০২৬ চনৰ সম্ভাৱ্য বিশ্বক অৰ্থনৈতিক বিকাশৰ তালিকা অনুসৰি ,বিশ্ব GDPত ভাৰতৰ অৱদান হ’ব ১৭ শতাংশ, য’ত আমেৰিকা (৯.৯ শতাংশ) তৃতীয় স্থানলৈ অৱনমিত হৈছে।

তালিকাৰ শীৰ্ষত আছে চিন (২৬.৬ শতাংশ)। এই তালিকাত আন দেশসমূহৰ ভিতৰত আছে ইন্দোনেছিয়া, তুৰস্ক, নাইজেৰিয়া, ব্ৰাজিল, ভিয়েটনাম, ছৌদি আৰব আৰু জাৰ্মানি।

প্ৰতিবেদনখনে স্পষ্ট কৰি দিছে যে বিশ্ব অৰ্থনীতিত দীৰ্ঘদিন ধৰি আধিপত্য ৰাখি অহা পশ্চিমা দেশসমূহৰ ঠাইত এতিয়া এছিয়া কেন্দ্ৰবিন্দুলৈ উঠি আহিছে। চিন আৰু ভাৰত মিলি বিশ্বৰ প্ৰায় আধা অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিছে। এই পৰিৱর্তনৰ দিশলৈ আঙুলিয়াই এলন মাস্কে মন্তব্য কৰিছিল,“অৱশেষত বিশ্বত ক্ষমতাৰ ভাৰসাম্য সলনি হৈছে।”

Exit mobile version